নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ ঐতিহাসিক বিশ্ব জয়ৰ ৩৭ বছৰ সম্পূর্ণ

১৯৮৩ৰ মধুৰ স্মৃতি সোঁৱৰণ কৰিলে কিংবদন্তি কপিল দেৱ–মৰনাথ–ছৈয়দ্ কিৰমানিয়ে

নিয়মীয়া বাৰ্তা, ২৬ জুনঃ কপিল দেৱৰ নেতৃত্বত ভাৰতে ১৯৮৩ৰ ২৫ জুনত বিশ্বকাপত ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ মধুৰ ক্ষণে আজি ৩৭ বছৰ সম্পূর্ণ কৰিলে৷ ক্রিকেটৰ মোক্কা হিচাপে পৰিচিত লর্ডছত আজিৰ পৰা ৩৭ বছৰ পূর্বে ভাৰতে দুবাৰৰ চেম্পিয়ন ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি নতুন ইতিহাসৰ সূচনা কৰিছিল৷ ভাৰতীয় ক্রিকেটৰ ৰূপৰেখা সলনি কৰি দিয়া এই সোণালী মুহূর্তৰ স্মৃতি সোঁৱৰণ কৰি বিশ্বজয়ী দলটোৰ কেইবাগৰাকীও সদস্যই আজি আৱেগিক হৈ পৰে৷

ইয়াৰ ভিতৰত অন্যতম হ’ল কপিল দেৱ, মহিন্দৰ অমৰনাথ আৰু ছৈয়দ কিৰমানি৷ ‘সেই সময়ত আমি আটাইকেইগৰাকী খেলুৱৈ অত্যন্ত যুৱ আছিলোঁ৷ বিশ্বকাপ জয়ৰ কথা আমাৰ মনলৈ অহা নাছিল যদিও সুন্দৰ প্রদর্শনেৰে দেশবাসীৰ মন জয় কৰাৰ এক সপোন বুকুত বান্ধি আমি লর্ডছত ফাইনেল খেলিছিলোঁ৷ ঐক্যবদ্ধভাৱে আমি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তীব্র যুঁজ দিছিলোঁ৷ পৰিস্থিতি অনুসৰি প্রতিগৰাকী খেলুৱৈয়ে প্রদর্শন দাঙি ধৰিছিল আৰু আমাৰ ঐক্য–সংহতিয়ে অৱশেষত শেষ হাঁহি মাৰিছিল৷’– ভাৰতৰ হৈ ৬৯খন টেষ্ট আৰু ৮৫খন এদিনীয়া খেলা মহিন্দৰ অমৰনাথে এইদৰে কয়৷

১৯৮৩ৰ বিশ্বজয়ৰ পিছতে ভাৰতত ক্রিকেটক লৈ এক ইতিবাচক পৰিৱেশ সৃষ্টি হয় আৰু ভাৰতীয় ক্রিকেটলৈ ই ব্যাপক পৰিৱর্তন কঢ়িয়াই আনে বুলিও প্রাক্তন ক্রিকেটাৰগৰাকীয়ে উল্লেখ কৰে৷ উল্লেখ্য যে ১৯৮৩ৰ বিশ্বকাপত ভাৰতে খিতাপ জয়ত মুখ্য ভূমিকা গ্রহণ কৰিছিল মহিন্দৰ অমৰনাথে৷

ইংলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত তেওঁ দুটা উইকেট দখল কৰাৰ লগতে ৪৬ ৰানৰ দায়িত্বপূর্ণ ইনিংছ খেলিছিল৷ ফাইনেলতো তেওঁ ২৬ ৰান সংগ্রহ কৰাৰ লগতে মাত্র ১২ ৰান ব্যয় কৰি তিনিটা উইকেট দখল কৰিছিল৷ ইফালে, উক্ত দলটোৰ উইকেটৰক্ষক ছৈয়দ কিৰমানিয়ে ১৯৮৩ৰ বিশ্বজয়ৰ সোণালী ক্ষণৰ স্মৃতি সোঁৱৰণ কৰি কয় যে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্রতিযোগিতাৰ প্রথমখন মেচত জয় সাব্যস্ত কৰাটো ভাৰতৰ বাবে ‘গেম চেঞ্জাৰ’ আছিল৷ ‘কপিল দেৱে আমাক কৈছিল যে ৱেষ্ট ইণ্ডিজ দুবাৰৰ ডিফেণ্ডিং চেম্পিয়ন৷

তেওঁলোকৰ বিৰুদ্ধে আমাৰ হেৰুৱাবলগীয়া একো নাই৷ আমি সংঘবদ্ধ হৈ খেলিব লাগিব আৰু আত্মবিশ্বাসেৰে প্রত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব৷’– কিৰমানিয়ে এইদৰে কয়৷ ইফালে, দলটোৰ অধিনায়ক কপিল দেৱে লর্ডছৰ স্মৃতি সোঁৱৰণ কৰি কয় যে ভাৰতৰ সেই ঐতিহাসিক জয়ৰ পিছৰে পৰা দেশত ক্রিকেটক জনসাধাৰণে গুৰুত্ব সহকাৰে গ্রহণ কৰিছে৷

You might also like