নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনির্দিষ্টকাললৈ বন্ধ বেলতলাৰ সাপ্তাহিক বজাৰ

ক’ৰোনাৰ সামাজিক সংক্রমণ ৰোধক লৈ তৎপৰ প্রশাসন

নিয়মীয়া বার্তা, ২৬ জুনঃ গুৱাহাটীত ভয়াৱহ ৰূপত ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ ৰাজধানী চহৰখনত ক’ৰোনা ভাইৰাছৰ সামাজিক সংক্রমণ ৰোধৰ বাবে তৎপৰ হৈ পৰিছে কামৰূপ মহানগৰ জিলা প্রশাসন৷ গুৱাহাটী মহানগৰীৰ ১১টা ৱার্ডত ১৪ দিনৰ বাবে সম্পূর্ণ লকডাউন ঘোষণা কৰাৰ পাছত কালি জিলা প্রশাসনে বেলতলা সাপ্তাহিক বজাৰ অনির্দিষ্টকালৰ বাবে বন্ধ ঘোষণা কৰে৷

ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি জিলা প্রশাসনে এই নির্দেশ জাৰি কৰে৷ লক্ষণীয় যে লকডাউনৰ শিথিলতাৰ সুযোগ লৈ মহানগৰীৰ বিভিন্ন বজাৰত যথেষ্ট জনসমাগম বৃদ্ধি পাইছে৷ একাংশ লোকে চৰকাৰী নীতি–নির্দেশনা উলংঘাৰে সামাজিক দূৰত্ব বজাই নাৰাখি বজাৰসমূহত ভিৰ কৰা পৰিলক্ষিত হৈছে৷

শেহতীয়াকৈ বেলতলাৰ সাপ্তাহিক বজাৰত সামাজিক দূৰত্ব বজাই নাৰাখি হোৱা জনসমাগমে ক’ৰোনাৰ সামাজিক সংক্রমণ বৃদ্ধি কৰাৰ আশংকা কৰি জিলা প্রশাসনে বেলতলা বজাৰ বন্ধ ৰখাৰ নির্দেশ জাৰি কৰে৷ পৰৱর্তী নির্দেশ জাৰি নকৰা পর্যন্ত বেলতলা সাপ্তাহিক বজাৰ বন্ধ থাকিব৷ লগতে প্রয়োজন সাপেক্ষে মহানগৰীৰ আন কেইবাটাও স্থানত থকা দৈনিক আৰু সাপ্তাহিক বজাৰকেইখনো বন্ধ ৰখাৰ বাবে প্রশাসনে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব বুলি জানিবলৈ দিছে৷

You might also like