নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজাৰৰ বাবে আছে মাত্ৰ দুটা দিন, পূৰ্বতকৈ কঠোৰ এই লকডাউন

নিয়মীয়া বাৰ্তা, ২৬ জুনঃ পুনৰ লকডাউন ঘোষণা কৰা হ’ল মহানগৰীত। দেওবাৰৰ নিশাৰ পৰা হ’বলগীয়া এই লকডাউন পূৰ্বৰ লকডাউনতকৈ হ’ব কঠোৰ। আগৰবাৰৰ লকডাউনতকৈ এই লকডাউনৰ মাজত দেখা গৈছে এটা বিশেষ পাৰ্থক্য, সেয়া হ’ল প্ৰথম সাতদিন গেলামালৰ দোকানো খুলিব নোৱাৰিব এইবাৰৰ লকডাউনত।

পিছৰ সাত দিনত গেলামাল দোকান খোলাটো নিৰ্ভৰ কৰিব পৰিস্থিতিৰ ওপৰত। গতিকে আজিৰ সময়খিনিক নধৰাকৈ গুৱাহাটীবাসীৰ বাবে হাতত আছে মাত্ৰ দুটা দিন, শনিবাৰ আৰু দেওবাৰ। এই দুটা দিনতে খাদ্য সামগ্ৰী কিনি মজুত কৰাটো জৰুৰী। আগন্তুক ১৪ দিনৰ বাবে জোৰাকৈ বজাৰ কৰাটো নিতান্তই আৱশ্যকীয় হৈ পৰিল এই দুয়োটা দিনত।

You might also like