নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্রুগড়ত কৃত্রিম বানত ৩০ হাজাৰ লোক জলবন্দী

নিয়মীয়া বাৰ্তা, ২৭ জুনঃ ডিব্রুগড চহৰত কৃত্রিম বানৰ ভয়াৱহ ৰূপ আজিও অপৰিৱর্তিত হৈ আছে৷ কালি এগৰাকী বৃদ্ধ মহিলা কৃত্রিম বানৰ বাবে পুখুৰীত পৰি মৃত্যুমুখত পৰাৰ পাছত আজি এখন মালবাহী ড্রাক বুৰ গ’ল ৰাজপথত৷ ডিব্রুগডৰ বাণীপুৰত সংঘটিত এই ঘটনাই চাঞ্চল্য সৃষ্টি কৰাৰ লগতে কৃত্রিম বানৰ ভয়াৱহতাৰ ছবিখন স্পষ্ট ৰূপত প্রতিফলিত কৰিছে৷ জানিব পৰা মতে, ডিব্রুগডৰ বাণীপুৰ ৰে’ল ষ্টেচনৰ পৰা কনভয় পথলৈ (এফ চি আই গুদামৰ পথেদি) সামগ্রী কঢ়িয়াই অনা এখন ট্ৰাক সন্ধিয়া সময়ত এটা ৰে’লৱে কালভার্ট পাৰ হোৱাৰ চেষ্টা কৰাৰ সময়তে পানীত বুৰ যায়৷ কথমপি প্রাণৰক্ষা পৰে ট্ৰাকচালক আৰু হেণ্ডিমেনৰ৷

আনহাতে, কৃত্রিম বানৰ কবলত পৰি ডিব্রুগড চহৰৰ প্রায় ৩০ হাজাৰ নাগৰিক জলবন্দী হৈ পৰিছে৷ ডিব্রুগড় নগৰ উন্নয়ন প্রাধিকৰণৰ অপৰিকল্পিত আঁচনি, পৌৰসভাৰ অকর্মণ্যতা, স্থানীয় জনপ্রতিনিধি আৰু জিলা প্রশাসনে বিজ্ঞানসন্মত আঁচনি যথাসময়ত ফলপ্রসূ নকৰাৰ ফলতে কৃত্রিম বানত ডিব্রুগড চহৰবাসীয়ে জলা–কলা খাব লগা হৈছে বুলি অভিযোগ উঠিছে৷ নগৰ উন্নয়ন প্রাধিকৰণৰ নৱনিযুক্ত সভাপতি অসীম হাজৰিকাই আজি ‘নিয়মীয়া বার্তা’ক কয়– প্রকৃততে গ্রীনউড চাহ বাগিচাৰ এখন শ্লুইচ গেট খুলি থোৱা বাবে উক্ত বাগানৰ নলাৰে বিলৰ পানী চহৰৰ সুৰক্ষা নলাত পৰিছিল আৰু সেই অতিৰিক্ত পানী সুৰক্ষা নলাটোৱে বহন কৰিব নোৱাৰা বাবেই চহৰখনত এক অবাঞ্ছিত কৃত্রিম বানৰ সৃষ্টি হৈছে৷ তদুপৰি যোৱা তিনি দিন ধৰি মুষুলধাৰে ডিব্রুগডত বৰষুণ হৈ থকাত সমস্যা সৃষ্টি হৈছে৷

আনহাতে, লকডাউনৰ বাবে সময় মতে চহৰখনত নলাৰ কাম সম্পূর্ণ নহ’ল বুলি অজুহাত দেখুৱাই তেওঁ কয় যে চহৰখনত বহু গৃহ নির্মাণ কৰা হৈছে যদিও নলাসমূহ পৰিকল্পিতভাৱে নির্মাণ কৰা হোৱা নাই৷ ইফালে চহৰখনৰ ২২টা ৱার্ডৰ সকলো ৰাজপথ তথা বিভিন্ন চৰকাৰী–বেচৰকাৰী কার্যালয় আজিও পানীৰ তলত৷ কেইবাটাও আৰক্ষী চকীৰ লগতে আৰক্ষী অধীক্ষকৰ কার্যালয়, সামাজিক বনানীকৰণ, জিলা ন্যায়িক আদালত, ৰাজ্যিক চিকিৎসালয়, আকাশবাণী ডিব্রুগড আজিও পানীৰ তলত আছে৷

ইফালে অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদকে ধৰি কেইবাটাও বিভাগত কৃত্রিম বানৰ ফলত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে যোৱা তিনি দিন ধৰি৷ডিব্রুগড চহৰৰ মাজমজিয়াতে থকা আৰক্ষী ছাউনীত আজি একঁকাল–এবুকু পানীৰ বাবে আৰক্ষীৰ আৱাসী তথা পৰিয়ালসমূহৰ হাহাকাৰ অৱস্থা হৈছে৷ আৱাস এৰি নিৰাপদ স্থানলৈ ইতিমধ্যে বহু পৰিয়াল যাব লগা হৈছে৷ নালিয়াপুলৰ ৰাষ্ট্রীয় ঘাইপথত চহৰৰ সুৰক্ষা নলাৰ ওপৰত থকা এটা কালভার্টৰ মাজত এটা ফাট মেলাত অতি বিপদসংকুল হৈ পৰিছে যাতায়াত৷ ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে এখন ছাইনর্ব’ড লগায়ে দায়িত্ব সামৰিছে৷

চহৰখনৰ সমগ্র ২২টা ৱার্ডৰ সকলোতেই কেৱল পানী আৰু পানী৷ চহৰৰ কনভয় ৰোড, মানকটা পথ, এইচ এছ পথ, জেইল ৰোড, থানা চাৰিআলিৰ পৰা ফুলবাগান পথ প্রশাসনে অত্যধিক পানীৰ বাবে সকলো যান–বাহন চলাচলৰ বাবে বন্ধ কৰিছে৷ মুখ্যমন্ত্রী বাসগৃহৰ সন্মুখভাগৰ পৰা লক্ষীনগৰ, নির্মালিগাঁও, মিলননগৰ, খহনীয়া গাঁও, জীৱন ফুকন নগৰ, চৌকিডিঙি সকলোকেইটা পথেই পানীৰ তলত আছে৷ সন্ধিয়া পর্যন্ত ন ন অঞ্চল বুৰ গৈছে৷ ইতিমধ্যে ডিব্রুগড পূব ৰাজহ চক্রত চাৰিটা আৰু ডিব্রুগড চহৰত এটা শিবিৰ স্থাপন কৰিছে প্রশাসনে৷

You might also like