নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰত স্থায়ী–স্থায়ী বাসিন্দাক প্রমাণ–পত্র প্রদান

নিয়মীয়া বাৰ্তা, ২৭ জুনঃ সংবিধানৰ ৩৭০ অনুচ্ছেদৰ বিলুপ্তি ঘটাই মোদী চৰকাৰে জম্মু–কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মর্যাদা কর্তন কৰি উপত্যকা প্রদেশখনক জম্মু–কাশ্মীৰ আৰু লাডাখ হিচাপে দুই কেন্দ্রীয়শাসিত অঞ্চলত বিভক্ত কৰাৰ প্রায় ৮ মাহৰ পাছত নতুন আইনৰ অধীনত উপত্যকাৰ বাসিন্দাসকলক প্রমাণ–পত্র প্রদান কৰিবলৈ লৈছে৷ জম্মু–কাশ্মীৰত থকা স্থায়ী আৰু অস্থায়ী বাসিন্দাসকলক এই নতুন আইনৰ অধীনত প্রমাণ–পত্র প্রদানৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে৷ স্মর্তব্য যে ২০১৯ চনৰ আগষ্ট মাহত সংবিধানৰ ৩৭০ অনুচ্ছেদৰ বিলুপ্তি ঘটাইছিল মোদী চৰকাৰে৷ এই ঘটনাক কেন্দ্র কৰি সমগ্র উপত্যকাত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি৷ যোৱা মে’ মাহৰ পৰা জম্মু–কাশ্মীৰত বাস কৰি থকা স্থায়ী তথা অস্থায়ী লোকসকলক বাসিন্দাৰ প্রমাণ –পত্র দিয়াৰ কাম আৰম্ভ কৰে প্রশাসনে৷ উপ–ৰাজ্যপাল গিৰীশ চন্দ্র মুর্মুৱে এইক্ষেত্রত অনলাইনযোগে আবেদন–পত্র সংগ্রহৰ ব্যৱস্থা কৰি দিছে বাসিন্দাসকলক৷ বিহাৰৰ আই এ এছ বিষয়া নবীন চৌধাৰী হৈছে জম্মু–কাশ্মীৰৰ বাসিন্দাৰ প্রমাণ–পত্র লাভ কৰা প্রথমগৰাকী আমোলা৷

You might also like