নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ মাটিৰ পৰা এতিয়াও শিবিৰ উঠাই নিয়া নাই চীনা সেনাই

নিয়মীয়া বাৰ্তা, ২৭ জুনঃ গালৱান উপত্যকাৰ পাছত এইবাৰ ৰঙা চীনৰ নজৰ পৰিছে দাৰবুক–দৌলত বেগ অ’ল্ডি পথৰ ওপৰত৷ যাৰ বাবে অতি তৎপৰতাৰে শেহতীয়াকৈ সমগ্র পথছোৱাত ভাৰতে ব্যাপক হাৰত সেনা মোতায়েন কৰিছে৷ গালৱান উপত্যকা হৈ কাৰাকোৰাম গিৰিপথ পর্যন্ত সংলগ্ণ হৈ থকা এই পথটোৱে লাডাখৰ বিভিন্ন অংশক মূল ভূ–খণ্ডৰ সৈতে সংযুক্ত কৰিছে৷ চীনক চাপত ৰাখিবলৈ ৰণকৌশলগতভাৱে এই পথটো ভাৰতৰ বাবে অতি গুৰুত্বপূর্ণ৷ ইয়াৰ বিপৰীতে আকছাই চীনৰ নিৰাপত্তাৰ ক্ষেত্রত এই পথটোৱে বিপদ সৃষ্টি কৰিব পাৰে বুলি হয়তো বেইজিঙে ধৰি লৈছে৷

সেয়েহে পথটো নিজৰ কব্জাত নিবলৈ চীনে দীর্ঘদিনৰ পৰা পৰিকল্পনা কৰি আহিছে বুলি সামৰিক বিশেষজ্ঞসকলে মত পোষণ কৰিছে৷ সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি যোৱা বুধবাৰৰ পুৱাৰে পৰাই পথটোৰ কাম বন্ধ কৰাৰ বাবে তৎপৰতা আৰম্ভ কৰে চীনে৷ অকল সেয়াই নহয়, পথটোৰ সমান্তৰালকৈ চীনৰ দিশত নিশাটোৰ ভিতৰতে স্থাপন কৰা হয় পিপ্লছ লিবাৰেচন আর্মী (পি এল এ)ৰ একাধিক ছাউনী৷ যাৰ বাবে ভাৰতো ব্যাপক তৎপৰ হৈ পৰিছে৷ সংবাদ প্রতিষ্ঠানৰ বাতৰিটোত সেনাবাহিনীৰ সূত্রৰ উদ্ধৃতিৰে প্রকাশ পোৱা মতে, ইতিমধ্যে চলিত সপ্তাহতে দুটা পেৰা কমাণ্ডো ইউনিটক কাশ্মীৰৰ পৰা লাডাখলৈ প্রেৰণ কৰাৰ সমান্তৰালভাৱে প্রশিক্ষণপ্রাপ্ত সেনা আৰু কমাণ্ডো বাহিনীকো মোতায়েন কৰা হৈছে৷

ইফালে, লাডাখৰ তিনিটা অঞ্চলত চীনে সৈন্যৰ সংখ্যা শেহতীয়াকৈ হ্রাস কৰিছে যদিও বর্তমান পর্যন্ত তাত ইতিপূর্বে নির্মাণ কৰা শিবিৰসমূহ উঠাই নিয়া নাই৷ গালৱান উপত্যকাৰ সমান্তৰালভাৱে গোগ্রা হট স্প্রিং আৰু পেংগং উপত্যকাৰ সমীপৰ ফিংগাৰ এৰিয়াত পি এল এৰ জোৱানৰ সংখ্যা হ্রাস কৰিছে বুলি ভাৰতীয় সেনাৰ উদ্ধৃতিৰে সংবাদ প্রতিষ্ঠানৰ বাতৰিত প্রকাশ৷ সূত্রটোৱে দাবী কৰা মতে, যোৱা ২২ জুনত দুয়োপক্ষৰ ক’ৰ কমাণ্ডাৰ পর্যায়ৰ বৈঠকৰ পাছতে চীনে সৈন্যৰ সংখ্যা হ্রাস কৰাৰ প্রক্রিয়া আৰম্ভ কৰে৷ বৈঠকত চীনে নির্মাণ কৰা শিবিৰকে ধৰি অন্য আন্তঃগাঁথনিসমূহ ভাঙি পেলোৱাৰ কোনোধৰণৰ সিদ্ধান্ত হোৱা নাছিল৷

সেইবাবে হয়তো চীনে এতিয়াও সীমা উলংঘনেৰে ভাৰত ভূখণ্ডত স্থাপন কৰা শিবিৰসমূহ উঠাই নিয়া নাই৷ ইফালে, যোৱা ১৫ জুনৰ নিশা গালৱান উপত্যকাত সংঘটিত ৰক্তক্ষয়ী সংঘর্ষৰ পাছতে ভাৰত–চীনৰ মাজত বৃদ্ধি পোৱা উত্তেজনাই আন্তর্জাতিক মহলৰো দৃষ্টি আকর্ষণ কৰিছে৷ এছিয়াত চীনৰ যুদ্ধংদেহি মনোভাব পৰিলক্ষিত হোৱাৰ লগে লগে ইউৰোপৰ পৰা বিশ্বৰ অন্য প্রান্তত বিশেষকৈ এছিয়াত বর্ধিত সেনা মোতায়েন প্রক্রিয়া আৰম্ভ কৰিছে আমেৰিকাই৷ ব্রাছেলচত বৃহস্পতিবাৰে অনুষ্ঠিত এক ভিডি’ কনফাৰেঞ্চত খোদ মার্কিন বৈদেশিক সচিব মাইক পম্পে’ই এই কথা সদৰী কৰিছে৷ চীনে যিদৰে ভাৰত, মালয়েছিয়া, ইণ্ডোনেছিয়া, ফিলিপাইনছৰ নিৰাপত্তাৰ ক্ষেত্রত বিপজ্জনক হৈ পৰিছে, তাৰ পৰিপ্রেক্ষিতত পি এল এক যথাযথভাৱে প্রতিহত কৰাৰ বাবেই এইধৰণৰ ব্যৱস্থা গ্রহণ কৰা বুলি সদৰী কৰে মার্কিন বৈদেশিক সচিবজনে৷

এই সন্দর্ভত মাইক পম্পে’ই কয়– ‘পি এল এক মোকাবিলা কৰিবলৈ আমি সর্বদিশৰ পৰা প্রস্তুত হয় নে নহয়, সেইটো নিশ্চিত বিচাৰিছোঁ৷ সম্প্রতি আমাৰ সন্মুখত এয়া এক বিৰাট প্রত্যাহ্বান৷ কিন্তু এই কথা নিশ্চিত যে পি এল এৰ মোকাবিলা কৰিবলৈ পর্যাপ্ত ব্যৱস্থা গ্রহণ কৰাৰ ক্ষেত্রত আমাৰ কোনো অসুবিধা নহয়।

You might also like