নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিহু–বজালীত কালদিয়া মৰাপাগলাদিয়াৰ কালৰূপ

 নিয়মীয়া বাৰ্তা, ২৭ জুনঃ মুষলধাৰ বৰষুণ আৰু চুবুৰীয়া ৰাষ্ট্র ভূটানে কুৰিশ্বু জলবিদ্যুৎ প্রকল্পৰ পানী এৰি দিয়াৰ ফলত সম্প্রতি বৰপেটা জিলাৰ বহুসংখ্যক গাঁও বানৰ কবলত পৰিছে৷ জলসম্পদ বিভাগৰ পৰা পোৱা তথ্য মতে, বৰপেটা জিলাৰ মাজেৰে বৈ যোৱা ব্রহ্মপুত্র, বেঁকী, মানাহ, ভেলেংগী, কালদিয়া আৰু পহুমাৰা নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে৷ এইকেইখন নৈৰ লগতে নখান্দা আৰু মৰাচাউলখোৱা নৈৰ পানীও বাঢ়ি আছে৷ ইপিনে কালদিয়া নৈৰ বাঢ়নী পানীয়ে আজি বজালী মহকুমাৰ বৰনলীকুছিৰ মথাউৰিৰ এটা অংশ ছিগি নিয়াৰ লগতে বৰভালুকীৰ ৰিং বান্ধ এটা পানীত ছিগি যায়৷

বৰপেটা জিলা উপায়ুক্ত মুনীন্দ্র শর্মাই বানত ক্ষতিগ্রস্ত হেলনাৰ বৰগাংডুবি অঞ্চল পৰিভ্রমণ কৰি পৰিস্থিতিৰ বুজ লয়৷ ইপিনে বাঢ়নী পানীয়ে জিলাখনৰ বিভিন্ন অঞ্চল বুৰাই পেলোৱাত বহুসংখ্যক লোকৰ ঘৰ পানীত বুৰ গৈছে৷ বৰপেটা জিলাৰ বাঘবৰ, চেঙা, জনিয়া, সৰুক্ষেত্রী সমষ্টিৰ বহু অঞ্চল পানীত বুৰ যোৱাৰ লগতে খেতিপথাৰ ডুব যোৱাত অঞ্চলবিশেষে খেতি চপাব নোৱাৰিলে বহুসংখ্যকে৷ চেনিমাৰী, ৰৌমাৰী, গোমা, ভোগেৰপাৰ, ডক্রেশ্বৰ, বৰডাংগা, জামেকুৰ, কৰাৰকুৰ আদি অঞ্চলৰ বহু লোকৰ ঘৰ–বাৰী বুৰ গৈছে৷ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ ভোগেৰপাৰৰ সকলো লোকৰে ঘৰ ব্রহ্মপুত্রৰ পানীয়ে বুৰাই পেলাইছে৷ বাৰিষা অহাৰ আগে আগে জলসম্পদ বিভাগে প্রায় ছয় কোটি ব্যয় সাপেক্ষে ৫,২০০ মিটাৰ মথাউৰিৰ মেৰামতিৰ কাম আৰম্ভ কৰি পেলাই থৈ দিয়া বাবে অসম্পূর্ণ মথাউৰিৰে পানী সোমোৱাৰ সম্ভাৱনা প্রকট হৈ উঠিছে৷ মুষলধাৰ বৰষুণ আৰু ভূটানে পানী এৰি দিয়া বাবে ব্রহ্মপুত্রৰ পানী ফেনে–ফোটোকাৰে বাঢ়িবলৈ লোৱাৰ ফলত ভোগেৰপাৰৰ বৃৃহৎ এলেকা এটি বুৰ যায়৷ সেই গাঁওখনৰ লোকসকল এতিয়া মথাউৰিত আশ্রয় গ্রহণ কৰিছে৷ আনহাতে, কালদিয়া আৰু পহুমাৰা নৈৰ পানী বিপদসীমাৰ এক মিটাৰ ওপৰেদি বৈ আছে৷

You might also like