ক’ৰোনাৰ চিকিৎসাৰ বাবে ভাৰতত Dexamethasone ব্যৱহাৰৰ অনুমতি
নিয়মীয়া বাৰ্তা ২৭ জুনঃ ভাৰত চৰকাৰে ক’ৰোনাৰ চিকিৎসাৰ বাবে Dexamethasone দৰৱ ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান কৰিছে। শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা কোভিড-১৯ আক্ৰান্ত ৰোগী সকলৰ চিকিৎসাৰ বাবে এই দৰৱ ব্যৱহাৰৰ অনুমতি প্ৰদান কৰা হৈছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে corticosteroid dexamethasone ৰ প্ৰয়োগ বৃট্ৰেইনত হৈছিল আৰু বহু ৰোগী সুস্থ হৈ উঠিছিল। আনহাতে যি সকল ৰোগী ভেণ্টিলেটৰত আছিল সেই সকলক সেই দৰৱ দিয়া হৈছিল আৰু লাহে লাহে সুস্থ হৈ উঠিছিল।
চৰকাৰৰ শেহতীয়া নিৰ্দেশনা মতে কোভিড-১৯ ত মধ্যম অথবা গভীৰ ৰূপত আক্ৰান্ত ৰোগীক Methyl Prednisolone ৰ বিকল্প ৰূপে Dexamethasoneৰ ব্যৱহাৰৰ পৰামৰ্শ প্ৰদান কৰিছে। মন্ত্ৰালয়ৰ তৰফৰ পৰা কোৱা হৈছে যে বিশেষজ্ঞ সকলৰ পৰামৰ্শৰ ভিত্তিতহে এই পৰিৱৰ্তন কৰা হৈছে।
Widely used steroid dexamethasone included in treatment protocols for COVID-19 patients in moderate to severe stages of illness among other therapeutic measures by Union health ministry
— Press Trust of India (@PTI_News) June 27, 2020