নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰীত হত্যাকাণ্ড, নির্মীয়মান গৃহত উদ্ধাৰ মৃতদেহ

নিয়মীয়া বাৰ্তা, ২৯ জুনঃ জালুকবাৰী চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়ৰ নির্মীয়মাণ ভৱনত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মহাবিদ্যালয়খনৰ নির্মীয়মান কেণ্টীনৰ ভৱনটোত মিস্ত্রী হিচাপে কর্মৰত শ্বাহানুৰ আলম নামৰ যুৱকজনৰ তেজেৰে লুতুৰি–পুতুৰি মৃতদেহ কালি সহযোগী মিস্ত্রীসকলে ভৱনটোত প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷

ঘটনাস্থলীত আৰক্ষী, চি আই ডি, ফৰেনছিকৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ প্রাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে শ্বাহানুৰক অতি নৃশংসভাৱে কোনো লোকে হত্যা কৰা বুলি সন্দেহ প্রকাশ কৰিছে৷ প্রত্যক্ষদর্শীয়ে জানিবলৈ দিয়া মতে যোৱা দুদিন ধৰি সহযোগী মিস্ত্রীয়ে শ্বাহানুৰক লগ পোৱা নাছিল৷ শ্বাহানুৰৰ ফোনলৈ ফোন কৰিছিল যদিও ম’বাইলৰ ছুইচ অফ আছিল৷

কালি সহযোগী মিস্ত্রীয়ে নৱনির্মিত ভৱনটোলৈ শ্বাহানুৰক বিচাৰি যাওঁতেই তেজেৰে লুতুৰি–পুতুৰি মৃতদেহটো প্রত্যক্ষ কৰে৷ কেইদিনমান পূর্বে এটা ইলেকট্রনিক মেচিনৰ বাবে সহযোগী কোনো মিস্ত্রীৰ সৈতে কাজিয়াৰ সূত্রপাত হৈছিল৷ প্রাথমিক তদন্তত আৰক্ষীয়ে ইয়াৰ বাবেই এই নৃশংস হত্যাকাণ্ড সংঘটিত হ’ব পাৰে বুলি সন্দেহ প্রকাশ কৰিছে৷

আৰক্ষীয়ে শ্বাহানুৰৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্রেৰণ কৰে৷ আৰক্ষীয়ে এই ঘটনা সন্দর্ভত সহযোগী মিস্ত্রী কেইজনমানক আটক কৰি সোধা–পোছা অব্যাহত ৰাখিছে৷

You might also like