নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইন্ধনৰ মূল্যবৃদ্ধিক লৈ আজি দেশজোৰা কংগ্রেছৰ ধর্মঘট

নিয়মীয়া বার্তা, ২৯ জুনঃ পেট্র’ল–ডিজেলৰ প্রতিদিনে মূল্যবৃদ্ধিক লৈ আজি দেশজোৰা ধর্মঘট পালন কৰিছে কংগ্রেছে৷ বিৰোধী দল কংগ্রেছৰ সাংসদ, বিধায়ক আৰু নেতাসকলে পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধি প্রত্যাহাৰৰ দাবীৰে ৰাষ্ট্রপতি ৰামনাথ ক’ৱিন্দক স্মাৰক–পত্র প্রদান কৰাৰ সিদ্ধান্ত লৈছে৷

নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে বিবৃতিত প্রকাশ কৰা মতে, পেট্র’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি অমানসিক, অসংবেদনশীল আৰু অভাৱনীয়৷ কেন্দ্রীয় চৰকাৰে দেশৰ জনতাক ক’ৰোনা ভাইৰাছৰ সংকটৰ সময়ত ইন্ধনৰ মূল্যবৃদ্ধিৰে লুণ্ঠন চলাইছে৷

কেন্দ্রীয় চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰোধিতা কৰাৰ লগতে ইন্ধনৰ মূল্যবৃদ্ধিক লৈ  দেশজোৰা ধর্মঘট পালন কৰা হয় ৷ একেদিনাই দলটোৱে পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিক লৈ ছ’চিয়েল মিডিয়াত প্রতিবাদী অভিযান চলায়৷ তদুপৰি ৩০ জুনৰ পৰা ৪ জুলাইলৈকে কংগ্রেছ দলে তালুক/তহচিল আৰু মণ্ডল পর্যায়ত বিশাল প্রতিবাদ সাব্যস্ত কৰিব বুলিও সাধাৰণ সম্পাদক বেনুগোপালে বিবৃতি প্রকাশ কৰিছে৷

You might also like