নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত–জাপান নৌসেনাৰ যুদ্ধ জাহাজৰ অনুশীলন

লাডাখত চীনৰ সৈতে সংঘাতৰ সময়ত ভাৰত মহাসাগৰত পদক্ষেপ নতুন দিল্লীৰ

নিয়মীয়া বাৰ্তা, ২৯ জুনঃ লাডাখৰ এলএচিত চীন–ভাৰতৰ সেনাৰ যুদ্ধংদেহি স্থিতি চলি থকাৰ সময়তে ভাৰত মহাসাগৰত জাপান আৰু ভাৰতৰ নৌবাহিনীয়ে যৌথভাৱে অনুশীলন চলালে৷ জাপান মেৰিটিম ছেফ ডিফেঞ্চ ফ’চৰ জেএছ কাছিমা (টিভি ৩৫০৮) আৰু জেএছ ছীমায়ুকি (টিভি ৩৫১৩) যুদ্ধ জাহাজ আৰু ভাৰতীয় নৌ বাহিনীৰ আইএনএছ ৰাণা আৰু আইএনএছ কুলিছ যুদ্ধ জাহাজৰ নৌসেনাই যৌথভাৱে সামৰিক অনুশীলন চলায়৷

ভাৰত মহাসাগৰত দুই দেশৰ নৌবাহিনীয়ে চলোৱা এই যৌথ অভিযান হৈছে দুই দেশৰ মাজত ১৫সংখ্যক অনুশীলন৷ বিগত তিনি বছৰ ধৰি দুয়ো দেশৰ মাজত এনেদৰে নৌবাহিনীৰ যুদ্ধ জাহাজৰ অনুশীলন চলি আহিছে৷ ছিকিমৰ ডকলাম সংঘর্ষৰ সময়ত মুকলিকৈ ভাৰতক সমর্থন কৰা দেশৰ অন্যতম জাপানৰ সৈতে এই সামৰিক অনুশীলন চলোৱাৰ পিছত নেচনেল মেৰিটিম ফাউণ্ডেচনৰ সঞ্চালকপ্রধান ভাইচ এডমিৰেল প্রদীপ চৌহানে কয় যে বন্ধু দেশক অধিক নিকটলৈ অনাৰ বাবে এই অনুশীলন৷

ইয়াত কোনো যুদ্ধ অভিযানৰ প্রসংগ নাই৷ উল্লেখ্য যে জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ সৈতে চীনৰ প্রত্যক্ষ সংঘাত চলি আছে৷ ইপিনে, ভাৰতৰ সৈতেও চীনৰ সংঘাত দীর্ঘদিনীয়া৷ এনে সময়তে ভাৰত–জাপানৰ নৌবাহিনীৰ অনুশীলন তাৎপর্যপূর্ণ বুলি চর্চিত হৈছে৷

জাপানৰ সৈতে এনেধৰণৰ অনুশীলনেৰে বেইজিঙক এই কথাও সকীয়াই দিয়া হৈছে যে ভাৰত মহাসাগৰত থকা চীনৰ নৌবাহিনীৰ যিকোনো জাহাজক আকাশী মার্গেৰে ভাৰতে প্রতিহত কৰিব পাৰে৷ এই সন্দর্ভত ইতিমধ্যে পৰিকল্পনা সাজু হৈ আছে৷ অৱশ্যে এতিয়াও নতুন দিল্লীয়ে ভাৰত মহাসাগৰত যুদ্ধ জাহাজ মোতায়েন কৰা নাই৷

You might also like