অৰুণাচল প্ৰদেশত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১৮০ জনলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ২৯ জুনঃ অৰুণাচল প্ৰদেশত বৰ্তমানলৈকে ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১৮০ জনলৈ বৃদ্ধি পোৱা বুলি জানিবলৈ দিয়ে প্ৰশাসনে । ইয়াৰে ইটানগৰৰ কেপিটেল কমলেক্সত-৩৮, চাংলাং ৫২, লোহিত জিলাত- ১, লংডিং -৩, লৱাৰ ডিবাং ভেলি -১, নামচাই- ৮, টাৱাং- ১, তিৰাপ- ২, ৱেষ্ট কামেং -১২, লৱাৰ চিয়াং-১ জন৷ অৰুণাচল প্ৰদেশত মুঠ ১৮০ জনৰ ক’ৰোনা সংক্ৰমণৰ ভিতৰত ইতিমধ্যে ৬০ জন লোকৰ সুস্থ হৈ নিজ ঘৰলৈ উভতিছে৷
ইয়াৰে বৰ্তমান ১২১ জন আক্ৰান্ত লোকৰ চিকিৎসাধীন হৈ আছে৷ উল্লেখ্য যে অৰুণাচলৰ ইষ্ট চিয়াং জিলাত চিকিৎসাধীন হৈ থকা মুঠ ক’ৰোনা আক্ৰান্ত ১০ গাৰাকীৰ সুস্থ হৈ ঘৰলৈ উভতি যোৱাত ক’ৰোনা মুক্ত হ’ল ইষ্ট চিয়াং জিলা৷ ইয়াৰে অৰুণাচলত প্ৰথম গৰাকী ক’ৰোনা আক্ৰান্তত ৱেষ্ট কামেঙৰ ৪২ বছৰীয়া এজনী মহিলাৰ মৃত্যু হৈছে৷ মহিলাগৰাকী ১১ জুনত দিল্লীৰ পৰা আহিছিল ৷