নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৭ জুলাইত বায়ু সেনাই লাভ কৰিব ৬ ৰাফেল যুদ্ধবিমান

নিয়মীয়া বাৰ্তা, ৩০ জুনঃ অহা ২৭ জুলাইত ভাৰতীয় বায়ু সেনাবাহিনীয়ে লাভ কৰিব ৬খন ৰাফেল যুদ্ধবিমান৷ বায়ু সেনাৰ শীর্ষ বিষয়াৰ সূত্রই প্রকাশ কৰা মতে, ফ্রান্সৰ পৰা ২৭ জুলাইত ৬খন ৰাফেল যুদ্ধবিমান হাৰিয়ানাৰ আম্বেলা চহৰলৈ অনা হ’ব৷ এই বিমানকেইখন আহি পোৱাৰ পিছত আগষ্টৰ পৰাই অভিযান আৰম্ভ কৰিব৷

লক্ষণীয় যে অত্যাধুনিক প্রযুক্তিৰ ৰাফেল যুদ্ধবিমানৰ বাবে সেনাবাহিনীয়ে ‘গ’ল্ডেন এৰ’জ’ স্কোৱাড্রন সাজু কৰি তুলিছে৷ ফ্রান্সৰ ইষ্টেছৰ পৰা ভাৰতীয় বৈমানিকে এই বিমানকেইখন লৈ হাৰিয়ানাৰ আম্বালা চিটীলৈ অহাৰ বাটত ইউ এ ইৰ অল ধাফৰা বায়ু সেনাঘাটিত এবাৰ অৱতৰণ কৰিব৷

উল্লেখ্য যে ফ্রান্সৰ সৈতে ৩৬ ৰাফেল যুদ্ধবিমানৰ চুক্তি সম্পন্ন হৈছে যদিও প্রাৰম্ভিক পর্যায়ত ৪–৬খনহে বিমান ভাৰতক প্রদান কৰিব৷ চলিত বর্ষত এই ৬খন প্রদান কৰাৰ পিছত ২০২২ চনৰ ভিতৰত আটাইকেইখন যুদ্ধবিমান ভাৰতে লাভ কৰিব৷ তাৎপর্যপূর্ণ যে এই ৰাফেল যুদ্ধবিমানে ভাৰতৰ সামৰিক শক্তি বৃদ্ধি কৰিব৷

You might also like