বাংলাদেশত ফেৰী ডুবি শিশুসহ ২৮জনৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ৩০ জুনঃ বাংলাদেশৰ ৰাজধানীৰ পৰা কেইকিলোমিটাৰমান নিলগত বুঢ়ীগংগা নদীত ১০০জনতকৈ অধিক যাত্রী কঢ়িওৱা ফেৰী এখন দুর্ঘটনাত পতিত হোৱাত শিশুসহ ২৮জনৰ মৃত্যু ঘটিছে৷ কেইবাজনো সন্ধানহীন হৈ আছে৷
ঘটনাৰ বিৱৰণী মতে, কালি পুৱা যাত্রীবাহী ফেৰীখনৰ সৈতে নদীতে থকা আন এখন ফেৰীৰ মাজত সংঘর্ষ লগাত এই ভয়াৱহ দুর্ঘটনাটি সংঘটিত হয়৷ দুর্ঘটনাত প্রাণ হেৰুওৱা লোকৰ ভিতৰত ১৮ পুৰুষ, ৭ মহিলা আৰু ৩ শিশুৰ মৃতদেহ ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷
মর্নিং বার্ড নামৰ ফেৰীখনে মুন্সিগঞ্জৰ পৰা ঢ়াকালৈ আহি থাকোঁতেই ময়ূৰ–২ নামৰ আন এখন ফেৰীত পুৱা ৯.৩০ বজাত খুন্দা মাৰে৷ ইয়াৰ লগে লগে মর্নিং বার্ডত থকা ফেৰীখনৰ যাত্রীসকল পানীত ডুব যায়৷ অধিকাংশই সাঁতুৰি পাৰলৈ আহিবলৈ সক্ষম হ’লেও একাংশ লোকে পানীত ডুবি প্রাণ হেৰুৱাবলগীয়া হয়৷ অগ্ণিনির্বাপক সেৱা আৰু অসামৰিক প্রতিৰক্ষা বিষয়া ছাহাদত হুছেইনে প্রকাশ কৰা মতে মৃতকৰ সংখ্যা বৃদ্ধি হ’ব পাৰে৷