বৰঝাৰ বিমানবন্দৰ–ৰে’লৱে ষ্টেচনত যাত্রীৰ পৰিবহণৰ বুজ ল’লে এএছটিচিৰ অধ্যক্ষ ভট্টৰায়ে
নিয়মীয়া বাৰ্তা, ৩০জুনঃ ‘ক’ভিড–১৯’ৰ সংক্রমণ ৰোধৰ বােব যোৱা ২৪ মার্চত দেশজুৰি লকডাউন আৰম্ভ হোৱাৰ সময়ৰে পৰা গুৱাহাটীকে ধৰি ৰাজ্যৰ ৰে’ল ষ্টেচনসমূহলৈ ৰাজহুৱা পৰ্বিহণ সেৱাৰ একমাত্র প্রতিষ্ঠান ‘অসম ৰাজ্যিক পৰ্বিহণ নিগম’ (এএছটিচি)ৰ ফালৰ পৰা গন্ত্ব্য স্থানলৈ বা কোৱাৰেণ্টাইন শিবিৰলৈ নিয়াৰ বােব যাত্রীসকলক সেৱা আগবঢ়াই আহিছে৷
তেনেদৰে যোৱা ২৫ মে’ৰ পৰা দেশত ঘৰুৱা যাত্রীবাহী বিমান সেৱা আৰম্ভ হোৱাৰে পৰা গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰকে ধৰি ৰাজ্যৰ বিমান বন্দৰৰ পৰা বহিঃৰাজ্যৰ পৰা অহা যাত্রীসকলক গন্ত্ব্য স্থান বা কোৱাৰেণ্টাইন শিবিৰলৈ লৈ যোৱাৰ বােবও এ এছ টি চিয়ে দিনে–নিশাই অহৰহ সেৱা আগ্বঢ়াই আহিছে৷ আনহাতে, দেওবাৰে মাজনিশাৰ পৰা গুৱাহাটী মহানগৰীত দুসপ্তাহৰ বাবে আৰম্ভ হোৱা লকডাউনৰ সময়ছোৱাত যাত্রীৰ পৰ্বিহণ সেৱাত যাতে কোনো ধৰণৰ ব্যাঘাত নজন্মে তাৰ বােব পৰিবহন চন্দ্র মোহন পাটোৱাৰীয়ে নির্দেশ দিছিল৷
সেইমর্মে আজি অসম ৰাজ্যিক পৰ্বিহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়ে গুৱাহাটী ৰে’লৱে ষ্টেচন আৰু বৰঝাৰ িবমানবন্দৰ পৰিদর্শন কৰি যাত্রীৰ পৰ্বিহণ ব্যৱস্থাৰ বুজ লয়৷ বৰঝাৰ িবমানবন্দৰত অধ্যক্ষ ভট্টৰায়ে জিলা পৰ্বিহণ বিষয়া গৌতম দাস, প্রৱর্তক পৰিদর্শকদ্বয় লক্ষীকান্ত বুঢ়াগোহাঁই আৰু বিক্রমাদিত্য গগৈ, অসম ৰাজ্যিক পৰ্বিহণ নিগম আস্থানৰ অধ্যক্ষদ্বয় িবকাশ পাচোৱান আৰু পংকজ দাসসহ কর্ত্ব্যৰত বিষয়া–কর্মচাৰীক নিয়ন্ত্রণ কক্ষত সাক্ষাৎ কৰি যাত্রীলৈ আগ্বঢ়াই অহা পৰিবহন সেৱাৰ বুজ লয়৷
অধ্যক্ষগৰাকীক সংগ দিয়ে অসম ৰাজ্যিক পৰ্বিহণ নিগমৰ মুখ্য বাণিজ্যিক প্রবন্ধক মুৰুলী বৰাই৷ উপস্থিত সাংবাদিকৰ সৈতে হোৱা চমু বার্তালাপত অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়ে লকডাউন আৰম্ভ হোৱাৰে পৰা িবগত দিনকেইটাত অসম ৰাজ্যিক পৰ্বিহণ নগমে এক লাখৰো অধিক লোকক িবনামূলীয়াকৈ গন্ত্ব্য স্থানলৈ প্রেৰণ কৰিছে বুলি মন্ত্ব্য কৰে৷ তেনেদৰে জিলা পৰ্বিহণ িবষয়া গৌতম দাসেও পৰ্বিহণমন্ত্রীৰ নির্দেশত গুৱাহাটীত পুনৰ আৰম্ভ হোৱা লকডাউনৰ সময়ছোৱাত বৰঝাৰ বিমানবন্দৰ আৰু গুৱাহাটী ৰে’লৱে ষ্টেচনত যাত্রীৰ পৰ্বিহণ সেৱাত যাতে কোনো ধৰণৰ ব্যাঘাত নহয় সেই দিশত চকু ৰখা হৈছে বুলি সদৰী কৰে৷ অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষগৰাকীয়ে বৰঝাৰ বিমানবন্দৰ কর্তৃপক্ষৰ কেইবাগৰাকী বিষয়াৰ সৈতেও যাত্রীৰ পৰিবহন ব্যৱস্থা সন্দর্ভত পর্যালোচনা কৰাৰ লগতে সহযোগিতা কামনা কৰে৷