নিয়মীয়া বার্তা, ৩০ জুনঃ মানকাচৰৰ ভাৰত–বাংলাদেশ সীমান্তৰ পৰা ৯টা গৰুসহ ৮জন সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰা হয়৷ পুৱতিনিশা দক্ষিণ শালমাৰা থানাৰ অন্তর্গত শিশুমাৰা আৰু বৰাইৰ আলগা বিএছএফ কেম্প এলেকাৰ নদীপথেৰে বাংলাদেশলৈ গৰু সৰবৰাহ কৰিবলৈ চেষ্টা কৰে চোৰাং চক্রই৷ এই সময়তে বিএছএফে ৬টা গৰুসহ মেহেৰ ছাইফুল হক, ৰফিকুল ইছলাম, ৰফিকুল হক, আফতাৰ আলী, ছাফিদুৰ ইছলাম আৰু নুৰুদ্দিন শ্বেখ নামৰ সৰবৰাহকাৰীকেইজন্ আটক কৰে৷ আনহাতে, বিএছএফে শিশুমাৰা কেম্প এলেকাৰ আন এটা স্থানৰ পৰা জিয়াৰুল আৰু আছাদুল ইছলাম নামৰ আন দুই গৰু সৰবৰাহকাৰীক তিনিটা গৰুসহ আটক কৰে৷ বিএছএফে ইতিমধ্যে গৰু সৰবৰাহকাৰীকেইটাক্ খাৰুৱাবান্ধা আৰক্ষী চকীত গতাই দিয়ে৷