নিয়মীয় বাৰ্তা, ৫ জুলাইঃ ৰাজ্যত ভয়ংকৰ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ।
শনিবাৰে ৰাজ্যত পুনৰ ১২০২ গৰাকী লোকৰ দেহত ক’ৰোনা পজিটিভ বুলি পৰীক্ষাত পোহৰলৈ আহিছে ।
যাৰ ভিতৰত কেৱল গুৱাহাটী মহানগৰীৰে ৭৭৭ গৰাকী লোক শনিবাৰৰ দিনটোত পজিটিভ বুলি চিনাক্ত কৰা হৈছে ।
ইয়াৰ লগে লগে ৰাজ্যত আক্ৰান্তৰ সংখ্যা ১১ হাজাৰলৈ বৃদ্ধি পায় । বৰ্তমান মুঠ ১১০০১ গৰাকী লোক পজিটিভ পোৱা গৈছে ।
যাৰ ভিতৰত ৬৩২৭ গৰাকী লোক ইতিমধ্যে সুস্থ হৈ উঠিছে ।