ছয়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মহানুভাৱতা; বৃদ্ধ দম্পতীক যোগান ধৰিলে অত্যাৱশ্যকীয় খাদ্যসামগ্ৰী
নিয়মীয়া বাৰ্তা, ৬ জুলাই : সমগ্ৰ বিশ্বতে ক’ৰোণাৰ ত্ৰাসৰ বাবে দেশত যি ল’কডাউন ব্যৱস্থা কৰা হৈছে তাৰ বাবে বহু লোকৰে পানীত হাঁহ নচৰা অৱস্থা । চৰকাৰে দুখীয়া দৰিদ্ৰৰ বাবে খাদ্যসামগ্ৰী যোগান ধৰা পৰিলক্ষিত হৈছে যদিও বহু লোকৰ সেয়া পৰ্যাপ্ত নহয় সেই কথা নুই কৰিব নোৱাৰি ।ইয়াৰে ব্যতিক্ৰম নহয় ছয়গাঁও বিধান সভা সমষ্টিৰ নেপালিপাৰা গাঁৱৰ অন্তৰ্গত এহাল বৃদ্ধ দম্পত্তি । নাম প্ৰফুল্ল দাস অাৰু ৰতিমা দাস । ৭০ ৰ উৰ্দ্ধৰ এইহাল বৃদ্ধ দম্পত্তিৰ থাকিবলৈ নাই ভাল ঘৰ এটা , খাবলৈ নাই পৰ্যাপ্ত অাহাৰ । এসাজ খাই এসাজ লোঘণে কটাইছে তেওঁলোকে ।বৃদ্ধাগৰাকীয়ে মানুহৰ ঘৰত খুজি মাগি খোৱাৰ যোগাৰ কৰে যদিও সেয়া পৰ্যাপ্ত নহয় । বৃদ্ধজনে শাৰীৰিক দুৰ্বলতা অাৰু অসুষ্ঠতাৰ বাবে কাম কাজত হাত দিব নোৱাৰা হৈ অাহিছে ।অাজি এইহাল বৃদ্ধ দম্পত্তিৰ কাষত থিয় হ’লগৈ ছয়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা । মহাবিদ্যালয়ৰ কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে নিজৰ সামৰ্থ অনুসৰি কিছু অৰ্থ ছাত্ৰ একতা সভাৰ হাতত তুলি দি এইহাল দুখীয়া দম্পত্তিক সহায় কৰিবলৈ অাগবাঢ়ে । অাজি ছাত্ৰ একতা সভাৰ সভাপতি দীপক দাস , উপ সভাপতি প্ৰাণজিৎ কলিতা , সহ : সাধাৰণ সম্পাদিকা জুৰি বেগম , প্ৰাক্তন সাধাৰণ সম্পাদক বনজিৎ কলিতা , প্ৰাক্তন সাংস্কৃতিক সম্পাদক বনজিৎ কলিতা অাৰু ছাত্ৰ কিশোৰ দাস এইহাল দম্পত্তিৰ ঘৰত উপস্থিত হৈ বস্ত্ৰ , ফল মূল অন্যান্য সামগ্ৰী অাৰু প্ৰায় দুসপ্তাহৰ বাবে অত্যাৱশ্যকীয় খাদ্যসামগ্ৰীৰ যোগান ধৰে । লগতে অতিশীঘ্ৰে এওঁলোকৰ বাবে বাচন বৰ্তন অাৰু বৈদ্যুতিক ফেন এখনৰ ব্যৱস্থা কৰি দিব বুলি ছাত্ৰ একতা সভাই অাশ্বাস প্ৰদান কৰে ।
লগতে তেওঁলোকে জনপ্ৰতিনিধিসকলক এনে দুখীয়া দুৰ্বল লোকসকলৰ বাবে ব্যৱস্থা ল’বলৈ অাহ্বান জনায় ।