নতুনকৈ গুৱাহাটীত ৫৯৮ পজিটিভঃ অসমত ক’ৰোনা আক্রান্তৰ সংখ্যা ১২ হাজাৰ অতিক্রম
নিয়মীয়া বাৰ্তা, ৭ জুলাই: ভয়াৱহ পৰিৱেশ সৃষ্টি কৰি ক’ৰোনা আক্রান্তৰ সংখ্যা ৰাজ্যত দ্রুতগতিত বৃদ্ধি হৈছে৷ কালি পুনৰ ৭৮৬জন লোক ক’ভিড–১৯ত আক্রান্ত হয়৷ নিশা স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে এই তথ্য প্রকাশ কৰে৷ আজি আক্রান্ত ৭৮৬জনৰ ভিতৰত ৫৯৮জন লোক গুৱাহাটী মহানগৰীৰ৷ আক্রান্তৰ সংখ্যা বৃদ্ধি বিপৰীতে ৪৪৯জন ক’ৰোনামুক্ত লোকক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হয়৷ সেই অনুসৰি ৰাজ্যত ক’ৰোনা আক্রান্তৰ সংখ্যা হৈছেগৈ ১২,৫২২জন৷
আনহাতে, এই ৰোগৰ পৰা মুক্ত হৈ চিকিৎসালয়ৰ পৰা ৰিলিজ হৈছে ৭,৮৮২জন৷ এতিয়াও চিকিৎসাধীন হৈ আছে ৪,৬২৩জন লোক৷ স্বাস্থ্যমন্ত্রীগৰাকীয়্ প্রকাশ কৰা আন এক তথ্য অনুসৰি ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ ক’ভিড পৰীক্ষাৰ সংখ্যাও বৃদ্ধি কৰা হৈছে৷ এতিয়ালৈ ৪,৭১,২২১টা ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছে৷