নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৱধান ! গুৱাহাটীৰ পৰা নগাঁৱলৈ গ’লে হ’ব লাগিব ১৪ দিনৰ হোম কোৱাৰেন্টাইন

নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ ক’ভিড ১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে কামৰূপ ( মেট্ৰ’ ) জিলাত চলি থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীৰ পৰা নগাঁও জিলালৈ সাধাৰণ লোকৰ মুক্ত অহা যোৱাৰ ক্ষেত্ৰত কঠোৰতা অৱলম্বন কৰিছে নগাঁও জিলা প্ৰশাসনে । এতিয়াৰ পৰা কামৰূপ মেট্ৰ’ জিলাৰ পৰা কোনো লোক নগাঁও জিলালৈ আহিলে বা নগাঁৱৰ পৰা কোনো লোক জিলা খনলৈ অহাযোৱা কৰিলে সেই ব্যক্তি ১৪ দিনৰ হ’ম কোৱাৰেন্টিনত থাকিব লাগিব । নগাঁও জিলাৰ উপায়ুক্ত যাদব শইকীয়াই এই সম্পৰ্কীয় এক নিৰ্দেশত উল্লেখ কৰিছে যে কামৰূপ (মেট্ৰ’ ) জিলাৰ বৃহৎ সংখ্যক লোক ক’ভিড ১৯ ত আক্ৰান্ত হোৱাৰ ফলত জনস্বাস্হ্য ৰক্ষাৰ স্বাৰ্থত সেই জিলাখনত লকডাউন দিয়া হৈছে ।

মহানগৰবাসীৰ পৰা যাতে নগাঁও জিলালৈ ক’ভিড সংক্ৰমণ বৃদ্ধি নহয় তাৰ বাবে জিলা প্ৰশাসনে সতৰ্কতা অৱলম্বন কৰিছে । নগাঁও জিলাবাসীৰ স্বাস্হ্যৰ সুৰক্ষাৰ বাবে এতিয়াৰে পৰা জিলা দুখনৰ নাগৰিকৰ মাজত মুক্ত ভাবে অহা যোৱাৰ ক্ষেত্ৰত কঠোৰ নিযম প্ৰযোজ্য কৰা হৈছে । প্ৰাকৃতিক দুৰ্যোগ প্ৰশমন আইন ২০০৫ ৰ ৩৪ ধাৰাৰ অধীনত কামৰূপ – নগাঁৱৰ নাগৰিকৰ মাজত যাতায়তৰ ক্ষেত্ৰত এই কঠোৰ নিয়ম প্ৰৱৰ্তন কৰা হৈছে । এই ক্ষেত্ৰত চকু ৰাখিবৰ বাবে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী সকলকো নিৰ্দেশ দিয়া হৈছে । কোনো ব্যক্তিৰ দেহত ক’ভিড ৰোগীৰ লক্ষণ দেখা পালে তৎকালিন ভাবে ওচৰৰ আশা কৰ্মী বা ১০৪ টোল ফ্ৰী নম্বৰত ফোন কৰি জনাবলৈ প্ৰশাসনে আহৱান জনাইছে ।

You might also like