নীৰৱে উচুপিছে দৰং গৌৰৱ পণ্ডিত দীনেশ্বৰ শৰ্মাৰ সমাধিক্ষেত্ৰই
নিয়মীয়া বাৰ্তা, ৯ জুলাই: পঞ্ছাশৰ দশকতে দৰঙৰ বুৰঞ্জী লিখিত ৰূপত সংৰক্ষণ কৰি দৰঙীয়াৰ ইতিহাস কাললৈ বুলি যুগজ্বয়ী কৰা যুগ নায়ক স্বৰূপ “মঙলদৈৰ বুৰঞ্জী”ৰ প্ৰণেতা স্বাধীনতা সংগ্ৰামী পণ্ডিত দীনেশ্বৰ শৰ্মাৰ সমাধিক্ষেত্ৰক”দৌৰংগ ক্ষেত্ৰ” হিচাপে গঢ় দিয়াৰ পোষকতা কৰিছে দৰঙৰ বিদ্বৎ সমাজে।
বৃটিছৰ বিৰুদ্ধে ৰণ দুণ্দুভি বজাই স্বাধীনতা সংগ্ৰামৰ প্ৰথম গৰাকী কাৰাদণ্ডিত মুক্তিযূজাৰু হিচাপে স্বীকৃত দিনেশ্বৰ শৰ্মাৰ ১২৫বছৰীয়া জন্মজয়ন্তীৰ দিন পৰ্যন্ত নিজৰ ওপজা গাও ছিপাঝাৰৰ ব্যাসপাৰাত থকা সমাধিক্ষেত্ৰ সম্পূৰ্ণ অৱহেলিত হৈ থকাৰ পিছত সমাধি ক্ষেত্ৰখনি ঐতিহাসিক ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ গ্ৰহণ কৰা হৈছে এক পৰিকল্পনা।উল্লেখযোগ্য ৭জুলাইত পণ্ডিত গৰকীৰ এশ পচিশ বছৰীয়া জন্ম জয়ন্তী অতিক্ৰম কৰাৰ পিছতো চৰকাৰী কিম্বা বেচৰকাৰী ভাবে উপেক্ষিত হৈ থকাৰ পিছত এই দিশত আগবঢ়াৰ বাবে ইছ্ছা ব্যক্ত কৰিছে সমাজ-সাহিত্য আৰু সংস্কৃতিৰ লগত জড়িত কেইবাগৰাকীও ব্যক্তি।উল্লেখযোগ্য যে বৃটিছৰ অধীনৰ শিক্ষকতাৰ পদ ত্যাগ কৰি ১৯২১চনৰ অসহযোগ আন্দোলনত অসমৰ ভিতৰত সৰ্বপ্ৰথমে অংশ গ্ৰহণ কৰি তিনিমাহ পোন্ধৰ দিন কাৰাদণ্ড ভূগিছিল।
অৱশ্যে ১৯৪০ৰ পৰা ৪২লৈ পুনৰ শিক্ষকতা কৰিছিল যদিও১৯৪২চনৰ ভাৰত ত্যাগ আন্দোলনত চাকৰি এৰি পুনৰ সক্ৰিয় ভাবে অংশগ্ৰহণ কৰিছিল।লক্ষণীয় যে ১৯২০চনত গুৱাহাটীলৈ অহা মহাত্মা গান্ধীৰ সভাত অংশগ্ৰহণ কৰিবলৈ ৫০গৰাকী স্বেছ্ছাসেৱক লৈ খোজকাঢ়ি ছিপাঝাৰৰ পৰা গুৱাহাটীলৈ গৈছিল।১৯৭৩ চনত ভাৰত চৰকাৰে মুক্তি যূজাৰু সন্মান আৰু তাম্ৰপত্ৰৰে সন্মানিত কৰা দীনেশ্বৰ শৰ্মা আছিল এগৰাকী বুৰঞ্জীবিদো।দৰঙৰ প্ৰথমখন পূৰ্ণাংগ বূৰঞ্জীৰ ৰূপত “মঙলদৈৰ বুৰঞ্জী”প্ৰণয়ণ কৰাৰ উপৰিও ১৯৫১চনত দৰঙৰ পৰা”জনমত”নামেৰে প্ৰথমখন বাতৰি কাকতো সম্পাদনা কৰিছিল।তদুপৰি একেধাৰে অভিনেতা,গীতিকাৰ, কবি হিচাপেও পণ্ডিত দীনেশ্বৰ শৰ্মাই ভালেসংখ্যক সম্ভাৰ সৃষ্টি কৰিছিল।লক্ষণীয় যে ভাৰত চৰকাৰৰ পৰা মুক্তি যূজাৰু হিচাপে স্বীকৃতি পোৱাৰ বাহিৰে অইন কোনো বিশেষ মূল্যায়নেই নহল দীনেশ্বৰ শৰ্মাৰ অৱদানৰ।১৯৭৫চনৰ ৮আগষ্টত পৰলোক প্ৰাপ্তি ঘটাৰ পিছতো তেখেতৰ স্মৃতি যুগমীয়া কৰাৰ কোনো কাৰ্যসূচীয়েই নহল।অথচ আজিও গৱেষক তথা ইতিহাস প্ৰিয় সকলৰ বাবে এখন অমূল্য সমল হৈয়েই আছে “মঙলদৈৰ বুৰঞ্জী”।
অৱশ্যে ছিপাঝাৰ মূল কেন্দ্ৰৰ পৰা ঐতিহাসিক পথৰুঘাট সংযোগী পথছোৱা গড়কাপ্তানী বিভাগে “দীনেশ্বৰ শৰ্মা পথ”নামাকৰণ কৰিছিল।যদিও এখন ভাল-দৃষ্টি নন্দন”নাম ফলক”লগোৱাৰো অৱকাশ নাপালে বিভাগটোৱে।আনকি ১২৫বছৰীয়া জন্মদিনটোৱো উপেক্ষিত হৈয়ে থাকিল।তেনেক্ষেত্ৰত একেধাৰে পণ্ডিত -মুক্তি যূজাৰু-বুৰঞ্জী প্ৰণেতা গৰাকীৰ সমাধি ক্ষেত্ৰৰ সংৰক্ষণৰ জৰিয়তেই যুগনায়ক গৰাকীক জীয়াই ৰাখিব খোজাটো যঠেষ্ট উৎসাহজনক হৈ পৰিছে ।আনকি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি-দৰং সন্তান ড০ পৰমানন্দ ৰাজবংশীয়েয়েই সমাধি ক্ষেত্ৰখনক “দৌৰংগ ক্ষেত্ৰ”হিচাপে নামাকৰণৰ বাবে আগবঢ়োৱা প্ৰস্তাৱক সকলোৱে আদৰণিও জনাইছে।অৱশ্যে ওপজা গাও ব্যাসপাৰা বাসীৰ দায়িত্ব হব এই ক্ষেত্ৰত সৰ্বাধিক।সকলোৱে আশা কৰিছে ৰাইজৰ স্বতষ্ফুট এই আহ্বানত হাত উজান দিয়ক ৰজাঘৰীয়াইও।নহলে হয়তু এদিন আকৌ বুৰঞ্জী বিচাৰিয়েই চলাথ কৰিব লাগিব খোদ বুৰঞ্জী প্ৰণেতা গৰাকীকো।