নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিন্তিত ধৈর্য কোঁৱৰৰ পিতৃ–মাতৃ

নিয়মীয়া বাৰ্ত‍া, ১০ জুলাইঃ  কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতা ধৈর্য কোঁৱৰ  বৃহস্পতিবাৰে মাৰাত্মক ক’ৰোনা ৰোগত আক্রান্ত হোৱা বাতৰি পোৱাৰ পাছত ডিমৌৰ ৰূপহীবামৰ পিতৃ–মাতৃ চিন্তিত হৈ পৰিছে৷

ধৈর্য কোঁৱৰৰ পিতৃ–মাতৃয়ে সর্বানন্দ সোণোৱাল চৰকাৰক শীঘ্রে তেওঁৰ পুত্রক মুকলি কৰি দিবলৈ আহ্বান জনোৱাৰ লগতে ক’ৰোনা মহামাৰীত আক্রান্ত পুত্রক উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰি সুস্থ কৰি তুলিবলৈও প্রার্থনা জনাইছে৷

You might also like