জিএমচিএইচত পিপিই কিট পিন্ধি আইচিইউত ৰোগীৰ স্বাস্থ্যৰ বুজ ল’লে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই
নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ গুৱাহাটী মহানগৰীত ভয়াৱহ ৰূপত বৃদ্ধি পোৱা ক’ৰোনা আক্রান্তৰ সংখ্যাই পৰিৱেশ অধিক জটিল কৰি তোলাৰ সময়তে শেহতীয়াকৈ স্বাস্থ্য বিভাগে আৰম্ভ কৰা এণ্টিজেন টেষ্টে এই সংখ্যা কিছু হ্রাস কৰিবলৈ সক্ষম হৈছে৷
উল্লেখ্য যে গুৱাহাটীৰ ৩১টা ক’ভিড চেণ্টাৰত শেহতীয়াকৈ স্বাস্থ্য বিভাগে এণ্টিজেন পৰীক্ষা আৰম্ভ কৰিছে৷ সমান্তৰালভাৱে পাণ্ডু এলেকাত ঘৰে ঘৰে এই ৰেপিড টেষ্টৰ দ্বাৰা ছোৱাব সংগ্রহত নামি পৰিছে স্বাস্থ্য বিভাগ৷ লকডাউনৰ সমান্তৰালকৈ আৰম্ভ কৰা এই পৰীক্ষাই ক’ৰোনা সংক্রমণ হ্রাস কৰাত যথেষ্ট সুবিধা হৈছে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই সন্দর্ভত কালি উল্লেখ কৰিছিল যে লকডাউন আৰু এণ্টিজেন পৰীক্ষাই ক’ৰোনা আক্রান্তৰ সংখ্যা যথেষ্ট হ্রাস কৰিব৷ সেই অনুসৰি গুৱাহাটীত প্রতি ১০০জনৰ বিপৰীতে প্রথম অৱস্থাত ৩০জন লোক আক্রান্ত হৈছিল যদিও মঙলবাৰ আৰু বুধবাৰে এই হাৰ ১৬ শতাংশলৈ আৰু আজি ১২ শতাংশলৈ হ্রাস পায়৷
উল্লেখ্য যে গুৱাহাটীত ক’ৰোনা আক্রান্তৰ সংখ্যা অচিৰেই ৫,০০০ অতিক্রম কৰাৰ দিশে আগবাঢ়িছে৷ এনে অৱস্থাত লকডাউনে কিছু আশাৰ বতৰা কঢ়িয়াই আনিছে৷ লকডাউনে ১০ দিন অতিক্রম কৰাৰ সময়তে ক’ৰোনা আক্রান্তৰ হাৰ নিম্নগামী হোৱাটোৱে স্বাস্থ্য বিভাগক যথেষ্ট সকাহ দিছে৷ গুৱাহাটীৰ হটস্পট ৰূপে পৰিগণিত হোৱা পাণ্ডুত আজি তৃতীয় দিনাৰ বাবেও এণ্ড্রিজেন টেষ্ট চলাই থকা হয়৷ এনে পৰিস্থিতিৰ মাজতে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত স্বাস্থ্যমন্ত্রীগৰাকীয়্ পুনৰ পি পি ই কিট পিন্ধি চিকিৎসালয়খনৰ আই চি ইউত প্রৱেশ কৰি সংকটজনক অৱস্থাত থকা ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লয়৷
শেহতীয়াকৈ ক’ৰোনাক লৈ স্বাস্থ্য বিভাগে এক নাটকৰ সৃষ্টি কৰি থকা বুলি আছুৱে সমালোচনা কৰাৰ পাছত আজি মন্ত্রী ড০ শর্মাই নিজেই জ্যেষ্ঠ চিকিৎসক, স্বাস্থ্যকর্মীৰ সৈতে পি পি ই কিট পিন্ধি আই চি ইউত প্রৱেশ কৰা বিষয়টোৱে বিশেষ তাৎপর্য বহন কৰিছে৷ প্রায় দুঘণ্টা ধৰি আই চি ইউত থকা মন্ত্রীজনে পাছত সাংবাদিকৰ আগত কয়– প্রথম অৱস্থাত ৫,০০০ ক’ৰোনা আক্রান্ত চিনাক্ত হোৱাৰ পাছতে এই ৰোগীসকলক কিদৰে স্বাস্থ্য বিভাগে চম্ভালিব, তাক লৈ এক চর্চা চলিছিল৷ কিন্তু এতিয়া আমি ১৩ হাজাৰ ক’ৰোনা আক্রান্তক চিকিৎসা প্রদান কৰি আছোঁ৷ ভৱিষ্যতেও স্বাস্থ্য বিভাগে এই প্রত্যাহ্বান গ্রহণ কৰিব পাৰিব৷
ইফালে জি এম চি এইচৰ আই চি ইউত ২৮জনকৈ ৰোগী সংকটজনক অৱস্থাত থকা বিষয়টো উল্লেখ কৰি মন্ত্রীজনে কয়– মই আগৰে পৰা কৈ আহিছোঁ যে ক’ভিড নিয়ন্ত্রণ কৰিব নোৱাৰিলে পৰিস্থিতি অধিক ভয়াৱহ হ’ব৷ আই চি ইউত প্রথমতে ১২জন ৰোগী আছিল৷ এই সংখ্যা এতিয়া বৃদ্ধি হৈ আছে৷ গতিকে ৰাইজ অধিক সচেতন হোৱাৰ প্রয়োজন আহি পৰিছে৷ উল্লেখ্য যে ক’ৰোনা আক্রান্তক লৈ স্বাস্থ্য বিভাগে বিশেষ পদক্ষেপ গ্রহণ কৰি থকাৰ সময়তে এই ৰোগত মৃত্যুবৰণ কৰা লোকৰ সৎকাৰৰ ক্ষেত্রত বিভিন্ন ঠাইত বাধাৰ সৃষ্টি হৈছে৷
এই সন্দর্ভত মন্ত্রীগৰাকীয়ে কয়– ক’ৰোনাত আক্রান্ত হৈ মৃত্যুবৰণ কৰা লোকৰ সৎকাৰৰ সুবিধা কৰি দিব লাগে৷ ইতিমধ্যে গুৱাহাটীৰ ভূতনাথ, উলুবাৰী শ্মশান আগবাঢ়ি আহিছে৷ আঠগাঁও ইছলাম কবৰস্থানো আগবাঢ়ি আহিছে৷ গতিকে মই ভাবোঁ ইয়াক লৈ কোনো সমস্যা হ’ব নালাগে৷ মই ৰাইজক অনুৰোধ কৰিছোঁ যে আমি সকলোৱেই কোনোবাদিনা হয়তো আক্রান্ত হ’ব পাৰোঁ, গতিকে কাকো অস্পৃশ্য জ্ঞান কৰিব নালাগে৷ সৎকাৰ কৰাৰ সুবিধা সকলোকে দিব লাগে৷ মৃত ব্যক্তিৰ পৰা এই ভাইৰাছ কাৰো শৰীৰলৈ নাযায়, মাত্র সৎকাৰৰ সময়ত ৩–৪ মিটাৰ দূৰত্ব বজাই ৰাখিব লাগে৷ মন্ত্রীগৰাকীয়ে আজি লকডাউন সন্দর্ভত কয় যে বিষয়টো গুৱাহাটীৰ নাগৰিক সমাজৰ সৈতে আলোচনা কৰাৰ অন্ততহে সিদ্ধান্ত গ্রহণ কৰিব চৰকাৰে৷ নাগৰিক সমাজৰ মতামতৰ ওপৰত ভিত্তি কৰি লকডাউন বৃদ্ধি–হ্রাসৰ পদক্ষেপ ল’ব চৰকাৰে৷