নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত পুনৰ ৮জনে হেৰুৱালে প্রাণ; ২৪ ঘণ্টাত আৰোগ্য ৭০১গৰাকী ক’ৰোনা ৰোগী

নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ ৰাজ্যত অধিক ভয়াৱহ হৈ উঠিছে ক’ভিড–১৯এ সৃষ্টি কৰা পৰিৱেশ৷ দ্রুতগতিত ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি পাই থকাৰ সময়তে এই ৰোগত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে৷ পৰিৱেশ অধিক জটিল কৰি কালি ৫জনকৈ ক’ৰোনা আক্রান্তৰ মৃত্যু হোৱাৰ পাছত শুকুৰবাৰৰ দিনটোতো আন ৮জন লোক এই ৰোগত আক্রান্ত হৈ মৃত্যু হয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰা তথ্য অনুসৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ (জি এম চি এইচ) আই চি ইউত চিকিৎসাধীন হৈ থকা ৰাখাল দেৱ (৪২), ৰমেশ কায়স্থ (৬৮), সুখময় ভৌমিক (৭২), আর্ছিদনিক বৰুৱা শইকীয়া (৭০), অশোক জৈন (৬৩), দীপালী দত্ত (৬৫), বিনোদ কুমাৰ (৪৭) আৰু গুৱাহাটী আই আই টি ক’ভিড কেন্দ্রত হৰেশ্বৰ নাথ (৫৩) ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যুমুখত পৰে৷ ইয়াৰে অশোক জৈন আঠগাঁৱৰ, দীপালী দত্ত সৰুমটৰীয়াৰ আৰু বিনোদ কুমাৰ জৈন জালুকবাৰীৰ৷

 মন কৰিবলগীয়া যে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি জি এম চি এইচৰ আই চি ইউত প্রৱেশ কৰি ক’ভিড আক্রান্ত হৈ চিকিৎসাধীন ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লৈছিল৷ পি পি ই কিট পৰিধান কৰি প্রায় দুঘণ্টা আই চি ইউত থকা মন্ত্রীগৰাকীয়ে পাছত সাংবাদিকক জানিবলৈ দিছিল যে আই চি ইউত থকা ২৮জন ৰোগীয়ে যথেষ্ট সংকটজনক অৱস্থাত আছে৷ মন্ত্রীগৰাকীয়ে উক্ত তথ্যৰ পাছতে আজি আই চি ইউত ৪জনকৈ লোকৰ মৃত্যু হোৱা ঘটনাই ক’ভিডে সৃষ্টি কৰা পৰিৱেশ যে ভয়াৱহ হৈ উঠিছে, সেয়া স্পষ্ট হৈ পৰিছে৷ যি সময়ত একাংশই ক’ৰোনা এক নাটক বুলি অভিযোগ কৰি আহিছে, ক’ৰোনা আক্রান্তক চিকিৎসালয়ৰ পৰিৱর্তে ঘৰত ৰাখিবলৈ দাবী তুলি আহিছে, তেনে সময়তে আই চি ইউত জীৱনযুদ্ধত পৰাজিত হ’ল ৪জনকৈ লোক৷ সেয়াই নহয়, আজি আই আই টি, গুৱাহাটীৰ ক’ভিড কেয়াৰ চেণ্টাৰত মৃত্যু হোৱা ৫৩ বছৰীয়া আৰক্ষী বিষয়া হৰেশ্বৰ নাথ ক’ৰোনাত আক্রান্ত হৈছিল যদিও তেওঁৰ শৰীৰত কোনো লক্ষণ ফুটি উঠা নাছিল৷ ক’ৰোনা পজিটিভ চিনাক্ত হোৱা লোকজনে ক’ভিড চেণ্টাৰত যোৱা ৭ জুলাইত ভর্তি হৈছিল৷ সাধাৰণভাৱে চলা–ফুৰা কৰি থকা লোকজনে অন্যান্য ৰোগীসকলৰ সৈতে কেৰম খেলি থকা অৱস্থাতে হঠাৎ অসুস্থ হৈ পৰে৷ শৰীৰত অক্সিজেনৰ মাত্র হ্রাস পাই যোৱাত তেওঁক ততালিকে জি এম চি এইচলৈ অনা হয় যদিও লোকজনক চিকিৎসকে বচাবলৈ সক্ষম নহ’ল৷ উল্লেখ্য যে ক’ভিড–১৯ক লৈ একাংশই ভুৱা তথ্য প্রচাৰ কৰি থকাৰ লগতে এই ৰোগ গুৰুত্বপূর্ণ নহয় বুলি দাবী কৰি অহাৰ সময়তে হৰেশ্বৰ নাথৰ মৃত্যুৱে স্পষ্ট কৰি তুলিছে যে ক’ৰোনা ভাইৰাছ কিমান ভয়ংকৰ হ’ব পাৰে৷ ৰাজ্যত আক্রান্তৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ প্রায় প্রতিদিনে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱা ঘটনাই স্বাভাৱিকতে পৰিস্থিতি যে অধিক অৱনতি ঘটিছে, সেয়া স্পষ্ট হৈ পৰিছে৷ মন কৰিবলগীয়া যে গুৱাহাটী মহানগৰীত শেহতীয়াকৈ ক’ৰোনা আক্রান্তৰ সংখ্যা সামান্য পৰিমাণে হ্রাস পাইছে যদিও সামাজিক সংক্রমণ এতিয়া ভয়াৱহ হৈ আছে৷

   লকডাউন আৰু এণ্টিজেন পৰীক্ষাৰ বাবে ক’ৰোনা আক্রান্তৰ হাৰ হ্রাস পাইছে যদিও গুৱাহাটী যে এতিয়াও জটিল পৰিস্থিতিৰ মাজত আছে, সেয়া স্পষ্ট হৈ আছে৷ কিয়নো মহানগৰীখনতে এতিয়ালৈ প্রায় ৫,২৮৭জন ক’ৰোনা আক্রান্ত লোক চিনাক্ত হৈছে৷ অহা সময়ছোৱাত এণ্টিজেন পৰীক্ষা বৃদ্ধি কৰিলে এই সংখ্যা অধিক বৃদ্ধিৰ সম্ভাৱনা আছে৷ ক’ভিড–১৯–এ সৃষ্টি কৰা এনে পৰিৱেশৰ মাজতে স্বাস্থ্য বিভাগে সোণাপুৰত নতুনকৈ দুটা ক’ভিড কেয়াৰ কেন্দ্র স্থাপনৰ প্রস্তুতি আৰম্ভ হৈছে৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই কালি স্পষ্ট কৰিছিল যে ৰাজ্যত ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি পাই থাকিলেও স্বাস্থ্য বিভাগে পৰিস্থিতি চম্ভালিবলৈ সক্ষম হ’ব৷ এই লক্ষ্যৰে সোণাপুৰৰ আছাম ডনবস্ক’ ইউনির্ভার্ছিটী আৰু লক্ষ্মীবাঈ নেচনেল ইনষ্টিটিউট অৱ ফিজিকেল প্রতিষ্ঠানত দুটাকৈ ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰা হ’ব৷

  স্বাস্থ্যমন্ত্রী ড০ শর্মাই এই প্রতিষ্ঠান দুটা পৰিদর্শন কৰি প্রস্তুতিৰ বুজ লয়৷ ইফালে, লখৰাস্থিত গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত ১৯জনকৈ কাৰাবন্দী ক’ৰোনাত আক্রান্ত হৈছে৷ আক্রান্তসকলৰ ভিতৰত এন ডি এফ বিৰ মুৰব্বী ৰঞ্জন দৈমাৰীও আছে৷ কাৰাগাৰ কর্তৃপক্ষই এইসকল কাৰাবন্দী আক্রান্ত বুলি চিনাক্ত হোৱাৰ পাছতেই আটাইকেইজনক চিকিৎসালয়ত ভর্তি কৰায়৷ সেই অনুসৰি ৰঞ্জন দৈমাৰীক মহেন্দ্র মোহন চৌধুৰী হাস্পতালত ভর্তি কৰোৱা হৈছে আৰু আনকেইজনক জাগীৰোড ক’ভিড হাস্পতালত ভর্তি কৰোৱা হৈছে৷ উল্লেখ্য যে যোৱা ২৪ ঘণ্টাত ৰাজ্যত ৭০১গৰাকী ক’ৰোনা ৰোগী আৰোগ্য হৈছে৷

You might also like