নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোডত ১৬ জন কভিড পজিটিভ; আক্ৰান্ত চিআৰপিএফ আৰু স্বাস্থ্যকৰ্মী

নিয়মীয়া বাৰ্তা, ১১ জুলাই : জাগীৰোডত আৰম্ভ হৈছে ক’ৰোণাৰ সামাজিক সংক্ৰমন ৷ জাগীৰোডত আজিৰ দিনটোত আক্ৰান্ত হৈছে মুঠ ১৬ গৰাকী ব্যক্তি ৷

জাগীৰোড নগৰৰ মাজমজিয়াৰ কিশোৰ ক্লাৱৰ ৭ জন ব্যক্তিৰ দেহত কৰোনা পজিটিভ পোৱা গৈছে ৷ তেওঁলোক হ’ল ক্ৰমে শংকৰ দে (৪২), পম্পী কৰ দে (২৬), সুমন দে দত্ত (৩৪), প্ৰতীক দত্ত (১০), সুমা দাস (৪২), ইশা দাস (২১) আৰু বিশ্বনাথ দাস(৭০)। কিশোৰ ক্লাৱৰ আটাইকেইজনেই কভিড ১৯ পজিটিভ ব্যক্তিৰ সংস্পৰ্শৰ পৰাই সংক্ৰমন হোৱা বুলি ধাৰনা কৰিছে স্বাস্থ্য বিভাগে।

ইতিমধ্যে স্বাস্থ্যবিভাগে কিশোৰ ক্লাৱ এলেকা চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে । আক্ৰান্ত ব্যক্তি সকলৰ সংস্পৰ্শলৈ অহা প্ৰতিজন লোকৰ নমুনা সংগ্ৰহ কৰিছে চিকিৎসক সকলে ৷ লগতে জাগীৰোডৰ নখোলা গাঁৱত হোম কোৱাৰেন্টাইনত থকা ৫৪ বছৰীয়া ৰাজু ডেকাৰ দেহতো কভিড ১৯ অৱস্থিতি ধৰা পৰিছে। ইফালে ঝাৰগাঁও মহোকুমা খণ্ড প্ৰাথ্মিক স্বাস্থ্যকেন্দৰ বহুমুখী স্বাস্থ্য কৰ্মী মুকুট দাসো কভিড ১৯ ত আক্ৰান্ত হয়। জাগীৰোডত নিয়োজিত ৭ জন চিআৰপিএফ জোৱানৰ দেহতো কভিড পজিটিভ ধৰা পৰিছে । আক্ৰান্ত আটাইকে ভূৰবন্ধা কোভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্বাস্থ্য বিভাগে ৷ অৱশ্যে চিআৰপিএফ জোৱান সকলক বিভাগীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

You might also like