নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত প্ৰথমখন আৰক্ষী চাউনীত ১০ খন বিছনাযুক্ত কভিড চিকিৎসালয়ৰ শুভৰাম্ভণি

  • মৰিগাঁৱৰ দলংঘাট বৰমণিপুৰস্থিত ষষ্ঠদশ অসম অাৰক্ষী বাহিনীৰ কেম্পত অাৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই উদ্বোধন কৰে চিকিৎসালয় খন

নিয়মীয়া বাৰ্তা, ১৪জুলাই: ৰাজ্যত ক’ভিড -১৯ ৰ ভয়বহতাৰ সৃষ্টি হৈ থকা মাজতে সকলো আৰক্ষীকে সজাগ আৰু সচেতন হবলৈ আহ্বান জনাই অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷আজি মৰিগাঁও জিলাৰ দলংঘাটৰ বৰমণিপুৰস্থিত ষষ্ঠদশ অসম অাৰক্ষী বাহিনীৰ চাউনীৰ ভিতৰতে ষষ্ঠদশ অসম অাৰক্ষী বাহিনীৰ অধিনায়ক অৰ্ণব ডেকাৰ উদ্যোগত নিৰ্মাণ কৰা ১০ খন বিছনাযুক্ত ক’ভিড ১৯ চিকিৎসালয় খন আনুষ্ঠানিক ভাৱে মুকলি কৰি অসম অাৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে সকলো আৰক্ষীকে সচেতনতা অৱলম্বন কৰিবলৈ আহ্বান জনাই ৷ লগতে তেওঁ কয় যে অসম আৰক্ষীয়ে দ্বিতীয় জন হৰেশ্বৰ নাথক হেৰুৱাব নিবিচাৰে ৷ সেয়ে সকলো সময়তে যাতে সজাগ হৈ কৰ্ম সম্পাদন কৰে তাৰ বাবে আহ্বান জনাই ৷আনহাতে ষষ্ঠদশ অসম আৰক্ষী বাহিনীৰ অধিনায়কৰ এই সুন্দৰ প্ৰদক্ষেপক আদৰনী জনাই সঞ্চালক প্ৰধান গৰাকীয়ে ৷ আনহাতে এই চিকিৎসালয় খন মুকলি অনুষ্ঠানত উপস্থিত থাকে ডি অাই জি ব্ৰজেন জিৎ সিনহা, মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰা , মৰিগাঁও জিলাৰ অাৰক্ষী অধীক্ষক নন্দ সিং বৰক’লা আৰু নগাঁও জিলাৰ অাৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ উপস্থিত থাকে।এই উদ্বোধনী অনুষ্ঠানতে এই কভিড চিকিৎসালয় খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ষষ্ঠদশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক অৰ্ণৱ ডেকাক ৭৫ হাজাৰ টকাৰ নগদ ধন আগবঢ়াই ৷

You might also like