মহানগৰ এসপ্তাহে জলমগ্ন গুৱাহাটীৰ বিস্তীর্ণ অঞ্চল By নিয়মীয়া বাৰ্তা On Jul 17, 2020 Share নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতে ৰাজ্যৰ ভিন্ন প্রান্তৰ লগতে কামৰূপ মহানগৰ জিলাতো বানে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ কঠোৰ লকডাউনৰ মাজতে ইটোৰ পিছত সিটো অঞ্চল বাঢ়নী পানীয়ে বুৰাই পেলোৱাত মহানগৰবাসীয়ে ভীষণ সমস্যাৰ সন্মুখীন হৈছে৷ ব্রহ্মপুত্রৰ বাঢ়নী পানী আৰু মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা পানীৰ ধলে মহানগৰীৰ ন ন অঞ্চল জলমগ্ন কৰাত জনজীৱন ব্যাহত হৈ পৰিছে৷ বিগত প্রায় এসপ্তাহ ধৰি মহানগৰীৰ বান পৰিস্থিতি অপৰিৱর্তিত হৈ আছে যদিও এইক্ষেত্রত জিলা প্রশাসনে বিহিত ব্যৱস্থা গ্রহণ কৰা নাই বুলি একাংশ বানপীড়িত লোকে অভিযোগ কৰে৷ ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে ভৰলুমুখ, শান্তিপুৰ, কুমাৰপাৰা, উজানবজাৰ আৰু নৈপৰীয়া বহু অঞ্চল বুৰাই পেলাইছে৷ একাংশ লোকৰ বাসগৃহত পানী সোমাই বহু সামগ্রী বিনষ্ট কৰাৰ লগতে বাট–পথ বুৰাই পেলোৱাত যাতায়াত ব্যাহত হৈ পৰিছে৷ ইপিনে, মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা বৰষুণৰ পানীৰ ধলে খানাপাৰা, পাঞ্জাবাৰী, ডাউন টাউন, চচল, বোন্দা, পাথৰকোৱেৰী, সাতগাঁও, বীৰকুছি, চপাইদং আদি অঞ্চল বুৰাই পেলাইছে৷ বিগত পাঁচ দিন ধৰি বৃহত্তৰ সাতগাঁও অঞ্চলৰ বহু বাসগৃহ পানীৰ তলত বুৰ গৈছে৷ জলসম্পদ বিভাগে বোন্দাৰ শ্লুইচ গেট বন্ধ ৰখাৰ বাবে শিলসাঁকো বিল আৰু বোন্দাজান ওফন্দি উঠিছে৷ ফলত পানী ওলাই যাব নোৱৰাত বৃহত্তৰ সাতগাঁও এলেকাত সোমাই জনজীৱন ব্যাহত কৰি তুলিছে৷ কৃত্রিম বানৰ কবলত পৰি অঞ্চলটোৰ শ শ পৰিয়ালে বিনিদ্র ৰজনী পাৰ কৰিছে যদিও জিলা প্রশাসন তথা জনপ্রতিনিধিসকলে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ অৱশ্যে আজি ঠাইবিশেষে পানী কমিবলৈ লোৱা বুলি জানিব পৰা গৈছে৷ Share