৩০ নিযুত ভেকচিনৰ ড’জ প্রস্তুত কৰিব ৰাছিয়াই
ক’ভিড–১৯ক প্রতিহত কৰিবলৈ তৎপৰতাঃ কেইবাহাজাৰো লোকৰ ওপৰত চলাব পৰীক্ষা
নিয়মীয়া বাৰ্তা ১৭ জুলাইঃ ব্রিটেইন, আমেৰিকা আৰু কানাডাই ক’ভিড–১৯ ভেকচিনৰ গৱেষণা চলাই থকাৰ সময়তে ইয়াৰ তথ্য চুৰি কৰিবলৈ ৰাছিয়াৰ চোৰাংচোৱা সংস্থাই বহু হেকাৰক নিয়োগ কৰা বুলি তিনিওখন দেশে অভিযোগ কৰাৰ সময়তে মস্কো প্রশাসনে সদৰী কৰিছে যে চলিত বর্ষতে দেশখনত ৩০ নিযুত ড’জ ভেকচিন প্রস্তুত কৰি উলিওৱা হ’ব৷ পৰীক্ষামূলকভাৱে এই ৩০ নিযুত ভেকচিন বা প্রতিষেধক ছিটা দেশত ব্যৱহাৰ কৰা হ’ব বুলি ঘোষণা কৰিছে চৰকাৰে৷ ইফালে বিদেশৰ বজাৰৰ বাবে ১৭০ নিযুত ভেকচিনো দেশখনে প্রস্তুত কৰি উলিওৱাৰ চিন্তা–চর্চা চলাইছে৷ প্রায় এমাহ ধৰি ৩৮গৰাকী লোকৰ দেহত চলোৱা ক’ভিড–১৯ ভেকচিনৰ পৰীক্ষা ৰাছিয়াত সফল হোৱা বুলি দাবী কৰিছে দেশখনৰ কেইবাগৰাকীও গৱেষকে৷ যোৱা সপ্তাহত মানৱ দেহত সফলতাৰে ক’ভিড–১৯ ভেকচিনৰ পৰীক্ষা সম্পন্ন কৰা প্রথমখন দেশ হিচাপে চিহ্ণিত হৈছে ৰাছিয়া৷ অৱশ্যে মস্কো প্রশাসনে ক’ভিড–১৯ৰ ভেকচিন প্রস্তুত কৰা বুলি দাবী কৰিছে যদিও বিশ্ব স্বাস্থ্য সংস্থা বা অন্যান্য আন্তর্জাতিক সংস্থাসমূহে ইয়াক স্বীকৃতি দিয়া নাই৷ তথাপি ৰাছিয়াৰ গৱেষকসকলে ক’ভিড–১৯ৰ ভেকচিন দেশবাসীৰ বাবে প্রথম প্রস্তুত কৰা হ’ব বুলি ঘোষণা কৰিছে৷ লক্ষণীয়ভাৱে ৰাছিয়ান ডিৰেক্ট ইনভেষ্টমেন ফাণ্ডৰ (আৰ ডি আহ এফ) মুৰব্বী কিৰিল ডিমিট্রিভে ঘোষণা কৰিছে যে তৃতীয় পর্যায়ত দেশখনে কেইবাহাজাৰো লোকৰ ওপৰত ক’ভিড–১৯ৰ ভেকচিনৰ পৰীক্ষা চলাব৷ মানৱ দেহত তৃতীয় পর্যায়ত ক্লিনিকেল পৰীক্ষা সম্পন্ন হোৱাৰ পাছতেই ভেকচিনবিধ দেশৰ অভ্যন্তৰত ব্যৱহাৰৰ বাবে প্রস্তুত কৰিব কেইবাটাও সংস্থাই৷ স্মর্তব্য যে এতিয়ালৈকে বিশ্বজুৰি শতাধিক ক’ভিড ভেকচিনৰ পৰীক্ষা বিভিন্ন পর্যায়ত চলি আছে যদিও বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি কোনো এটাই সফল হোৱা নাই৷ আন্তর্জাতিক সংস্থাটোৰ তথ্য অনুসৰি চীনৰ ছাইনোফার্ম আৰু অক্সফ’ড বিশ্ববিদ্যালয়ে চলাই আছে অন্তিম পর্যায়ৰ পৰীক্ষা৷