সুস্থ হৈ ঘৰলৈ উভতিল বিশ্বৰ বয়োজ্যেষ্ঠ ন্যায়াধীশ গিনছবার্গ
৮৭ বছৰীয়া বিচাৰপতিৰ স্বাস্থ্যক লৈ উদ্বিগ্ন মার্কিন শীর্ষ আদালত
নিয়মীয়া বাৰ্তা ১৭ জুলাইঃ চর্দি আৰু জ্বৰত আক্রান্ত বিশ্বৰ আটাইতকৈ বয়োজ্যেষ্ঠ ন্যায়াধীশ ৰুথ বাদাৰ গিনছবার্গে হাস্পতালত চিকিৎসা কৰাৰ পাছত আৰোগ্য লাভ কৰি ঘৰলৈ উভতিছে৷ আমেৰিকাৰ শীর্ষ আদালতৰ ন্যায়াধীশগৰাকী বর্তমান ঘৰতে থকা বুলি তেওঁৰ এগৰাকী মুখপাত্রই সংবাদ মাধ্যমক জনাইছে৷ উল্লেখনীয় যে ৮৭ বছৰীয়া গিনছবার্গ হৈছে বিশ্বৰ কর্তব্যৰত আটাইতকৈ বয়োজ্যেষ্ঠ ন্যায়াধীশ৷ মঙলবাৰে সন্ধিয়া বাল্টিমোৰৰ জনছ হপকিন্স হাস্পতালৰ পৰা ঘৰলৈ যাব দিয়া হৈছে গিনছবার্গক৷ যোৱা আগষ্ট মাহৰ পৰা কর্কট ৰোগৰ চিকিৎসা চলি আছে ন্যায়াধীশগৰাকীৰ৷ অৱশ্যে গিনছবার্গক আৰু কিছুদিন হাস্পতালত থকাৰ অনুৰোধ জনাইছিল চিকিৎসকসকলে৷ কিন্তু হোৱাইট হাউছৰ বিষয়ববীয়া মার্ক মিডোছে উল্লেখ কৰা অনুসৰি বর্তমান সুস্থ ন্যায়াধীশগৰাকী ঘৰতে বিশ্রাম লৈছে৷ স্মর্তব্য যে সঘনে অসুস্থ হৈ থকা ন্যায়াধীশগৰাকীৰ স্বাস্থ্যৰ বিষয়টোক লৈ ইতিমধ্যে মার্কিন শীর্ষ আদালতত সৃষ্টি হৈছে উদ্বেগ৷