নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিৰুপতি মন্দিৰৰ ১৫গৰাকী পুৰোহিত ক’ভিডত আক্রান্ত

নিয়মীয়া বাৰ্তা ১৭ জুলাইঃ তিৰুপতি তিৰুমালা দেৱাস্থনমৰ ৫০গৰাকী পুৰোহিতৰ ভিতৰত ১৫গৰাকীয়েই ক’ভিড–১৯ত আক্রান্ত হৈছে৷ এতিয়ালৈকে ২৫গৰাকী পুৰোহিতৰ ক’ভিড পৰীক্ষাৰ ফলাফল ওলাবলৈ বাকী আছে৷ পুৰোহিতসকলৰ মাজত মাৰাত্মক ভাইৰাছবিধৰ সংক্রমণ বৃদ্ধি পোৱাৰ লগে লগে তিৰুমালা দেৱাস্থনমে এক জৰুৰী বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে৷ লক্ষণীয়ভাৱে দেৱাস্থনমৰ মুঠ ৯১গৰাকী কর্মী এতিয়ালৈকে প্রাণঘাতী ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত হোৱা বুলি চৰকাৰে সদৰী কৰিছে৷ তিৰুমালা মন্দিৰৰ পুৰোহিত এনেদৰে ক’ভিড–১৯ত সংক্রমিত হোৱাৰ পাছত মন্দিৰ কর্তৃপক্ষই দর্শনার্থীৰ বাবে দীর্ঘদিনলৈ দুৱাৰ বন্ধ কৰি ৰখাৰ সম্ভাৱনা আছে।

You might also like