গোলাঘাটত আগষ্ট মাহৰ ভিতৰত ক’ৰোনাত আক্রান্ত হ’ব আঢ়ৈ হাজাৰ লোক
নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ গোলাঘাটত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা উপস্থিত হৈ জিলাখনত শেহতীয়া ক’ভিড সংক্রমণৰ বিষয়ে জিলা প্রশাসনৰ সৈতে আলোচনাত মিলিত হয়৷ উক্ত আলোচনাত সহযোগ কৰে ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্রসাদ তাছা আৰু মন্ত্রী অতুল বৰাই৷
উল্লেখ্য যে গোলাঘাটত ভ্রমণ বৃত্তান্ত নথকা ১০০জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে ৰাজ্যখনত আগষ্ট মাহৰ ভিতৰত ক’ৰোনা আক্রান্তৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই এই বিষয়টো উল্লেখ কৰি কয় যে ভাৰত চৰকাৰৰ তথ্য অনুসৰি ১৫ আগষ্টৰ ভিতৰত গোলাঘাটত আঢ়ৈ হাজাৰ লোক ক’ৰোনাত আক্রান্ত হ’ব৷ বর্তমান জিলাখনৰ পৰিস্থিতি যথেষ্ট জটিল হৈছে৷ ক’ৰোনা আক্রান্ত ৰোগীসকলৰ শৰীৰত অক্সিজেনৰ পৰিমাণ কমি যোৱা পৰিলক্ষিত হৈছে৷ এইসকল লোকৰ চিকিৎসা আৰু ৰেপিড টেষ্টৰ চিন্তা কৰা হৈছে৷
গোলাঘাট নগৰৰ জনসংখ্যা ৪০ হাজাৰ৷ গতিকে ৪ হাজাৰ লোকৰ ৰেপিড টেষ্ট সম্পন্ন কৰিলে গোলাঘাটক গণ সংক্রমণৰ পৰা ৰোধ কৰিব পৰা যাব৷ এই লক্ষ্যৰে জিলা উপায়ুক্তক ৰেপিয এণ্টিজেন টেষ্ট আৰম্ভ কৰাৰ নির্দেশ দিয়া হৈছে৷ মন্ত্রী ড০ শর্মাই ইয়াকো কয়– দেশৰ ভিতৰতে অসমত মৃত্যুৰ সংখ্যা কম৷ বর্তমান গোলাঘাটত ১১জন চিকিৎসক কম হৈ আছে৷ গোলাঘাটৰ ব্যক্তিগত নার্ছিং হোমসমূহৰ স্বাস্থ্যকর্মীসকলৰ ক’ভিড টেষ্ট কৰাৰ বাবেও নির্দেশ দিয়া হৈছে৷ ইফালে, ক’ৰোনাৰ পৰিৱেশে ৰাজ্যত আর্থিক ক্ষতি কৰা বুলি উল্লেখ কৰি তেওঁ কয়– ক’ভিডৰ চিকিৎসাৰ বাবে হোৱা ক্ষতিৰ কাৰণে বিত্তমন্ত্রী হিচাপে আঁচনি ৰূপায়ণত অসুবিধাৰ সন্মুখীন হৈছে৷ অৱশ্যে আগষ্ট মাহৰ ভিতৰত টেট শিক্ষকৰ নিযুক্তি সম্পূর্ণ কৰা হ’ব৷ বিদ্যালয়সমূহত পাঠদান আৰম্ভ হোৱাৰ পূর্বেই টেট শিক্ষকক নিযুক্তি দিয়া হ’ব৷