নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিকাশ ডুবে ‘ভুৱা সংঘর্ষ’ত নিহত হোৱা নাছিল

উচ্চতম ন্যায়ালয়ত উত্তৰ প্রদেশ আৰক্ষীৰ শপতনামা

নিয়মীয়া বাৰ্তা ১৮ জুলাইঃ উত্তৰ প্রদেশত আৰক্ষী জিম্মাত বিকাশ ডুবে নিহত হোৱাৰ ঘটনা ‘ভুৱা সংঘর্ষ’ নাছিল৷ শুকুৰবাৰে ৰাজ্যখনৰ আৰক্ষীয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা এক শপতনামাত এই কথা উল্লেখ কৰিছে৷ লক্ষণীয়ভাৱে মহাৰাষ্ট্রৰ উজ্জয়িনীত গ্রেপ্তাৰ হোৱা গেংষ্টাৰ বিকাশ ডুবে উত্তৰ প্রদেশৰ কানপুৰলৈ আনি থকা অৱস্থাত পথত গাড়ী দুর্ঘটনাৰ সুযোগ লৈ ডুবেই আৰক্ষীৰ বন্দুক কাঢ়ি পলায়নৰ প্রচেষ্টা চলোৱা বুলি ঘোষণা কৰিছিল প্রশাসনে৷ পলোৱাৰ প্রচেষ্টা চলোৱাৰ সময়তে সংঘর্ষত বিকাশ ডুবে নিহত হোৱা বুলি কানপুৰ আৰক্ষীয়ে ঘোষণা কৰিছিল যদিও দেশজুৰি এয়া এক ভুৱা সংঘর্ষৰ ঘটনা বুলি বিভিন্ন মহলে প্রতিক্রিয়া প্রকাশ কৰিছিল৷ ৰহস্যজনক এই সংঘর্ষৰ ঘটনা ১০ জুলাইত সংঘটিত হোৱাৰ পাছতেই উত্তৰ প্রদেশ আৰক্ষীলৈ বিভিন্ন দল–সংগঠনে সন্দেহৰ আঙুলি টোঁওৱাৰ পাছত আৰক্ষীয়ে আত্মপক্ষ সমর্থনৰ বাবে বিভিন্ন যুক্তি দর্শাই আহিছে৷ তেলেংগানাৰ সংঘর্ষৰ সৈতে বিকাশ ডুবে নিহত হোৱা সংঘর্ষৰ ঘটনাক একাকাৰ কৰিব পৰা নাযায় বুলি আজি উত্তৰ প্রদেশ আৰক্ষীয়ে শপতনামাত উল্লেখ কৰিছে যদিও বিষয়টো সন্দর্ভত ন্যায়ালয়ে কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই৷

You might also like