১০ বছৰত ভাৰতত দাৰিদ্র্যমুক্ত ২৭৩ নিযুত
ৰাষ্ট্রসংঘৰ ইউএনডিপি–’পিএইচআইৰ প্রতিবেদনত আশাব্যঞ্জক তথ্য
নিয়মীয়া বাৰ্তা ১৮ জুলাইঃ ভাৰতৰ অর্থনীতিত ক’ভিড–১৯ মহামাৰীয়ে শেহতীয়াকৈ বিপর্যয় সৃষ্টি কৰিছে যদিও দেশখনে বিভিন্ন ক্ষেত্রত দৰিদ্রতাৰে যুঁজি থকা ২৭৩ নিযুত লোকক মুক্ত কৰিবলৈ সক্ষম হৈছে৷ ৰাষ্ট্রসংঘৰ উন্নয়ন কার্যসূচী (ইউ এন ডি পি) আৰু অক্সফ’ৰ্ড দৰিদ্রতা তথা মানৱ উন্নয়ন উদ্যোগৰ (অ’ পি এইচ আই) তৰফৰ পৰা যুগুতোৱা প্রতিবেদনত এই তথ্য প্রকাশ পাইছে৷ ৭৫খন দেশৰ ওপৰত এইক্ষেত্রত অধ্যয়ন চলোৱা হৈছিল৷ ইয়াৰে ৬৫খন দেশে বিভিন্ন ক্ষেত্রত দাৰিদ্র্যৰে যুঁজি থকা বহু লোকক মুক্ত কৰিবলৈ সক্ষম হোৱা বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে৷ ২০০০ৰ পৰা ২০১৯ চনৰ ভিতৰত বহু কোটি লোক দৰিদ্রতাৰ পৰা মুক্ত হোৱা বুলি এই প্রতিবেদনত স্পষ্ট কৰা হৈছে৷ উল্লেখনীয় যে ভাৰতত ২০০৫ৰ পৰা ২০১৬লৈ মুঠ ২৭৩ নিযুত লোক দাৰিদ্র্যমুক্ত হোৱা বুলি এই প্রতিবেদনত ঘোষণা কৰা হৈছে৷ ৰাষ্ট্রসংঘৰ তথ্য অনুসৰি এইক্ষেত্রত ভাৰতে অভিলেখ সৃষ্টি কৰিছে৷ দেশখনে গৰিষ্ঠসংখ্যক লোকক দৰিদ্রতাৰ পৰা মুক্ত কৰিবলৈ সক্ষম হোৱা বুলি ঘোষণা কৰিছে ৰাষ্ট্রসংঘই৷ বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ মাল্টীডাইমেনচনেল প’ভার্টী ইনডেস্ক (এম পি আই) অনুসৰি ভাৰত, আর্মেনিয়া, নিকাৰাগুৱা আৰু মেচিডোনিয়াই অধিকসংখ্যক লোকক দৰিদ্রতাৰ পৰা মুক্ত কৰিছে৷