২২ জুলাইত শপত ল’ব ৰাজ্যসভাৰ ৬১গৰাকী সাংসদে
নিয়মীয়া বাৰ্তা ১৮ জুলাইঃ দেশৰ সংসদৰ উচ্চ সদন ৰাজ্যসভালৈ নতুনকৈ নির্বাচিত ৬১গৰাকী সাংসদে আগন্তুক ২২ জুলাইত শপতগ্রহণ কৰিব৷ চৰকাৰী সূত্রই এই তথ্য সদৰী কৰিছে৷ উল্লেখনীয় যে ক’ভিড–১৯ মহামাৰী সংক্রমণৰ বাবে নৱনির্বাচিত ৰাজ্যসভাৰ সাংসদসকলৰ শপতগ্রহণত বিলম্ব ঘটিছে৷ সাধাৰণতে ৰাজ্যসভাত সংসদৰ অধিৱেশনৰ সময়ত নৱনির্বাচিত সাংসদে শপতগ্রহণ কৰে নাইবা সদনৰ অধ্যক্ষৰ চেম্বাৰত শপতগ্রহণৰ সুযোগ দিয়া হয়৷ কিন্তু এইবাৰ সাংসদসকলে ক’ভিড–১৯ৰ নিষেধাজ্ঞাৰ বাবে এই সুযোগ পোৱা নাই৷ আগন্তুক ২২ জুলাইত শপতগ্রহণ কৰিবলগীয়া ৬১গৰাকী ৰাজ্যসভাৰ সাংসদ নির্বাচিত হৈছে ২০খন ৰাজ্যৰ পৰা৷ ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডুৱে দুই সদনত সংসদীয় কমিটীসমূহৰ কাম–কাজ চলাই নিয়াৰ ক্ষেত্রত সমস্যা সৃষ্টি হোৱা বুলি উল্লেখ কৰিছে৷ গতিকে নৱনির্বাচিত সাংসদসকলৰ শপতগ্রহণৰ বিষয়টোক গুৰুত্ব সহকাৰে লৈছে চৰকাৰে৷