নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্রৰ কাৰাগাৰত ক’ভিড–১৯ত আক্রান্ত কবি ভাৰভাৰা ৰাও

নিয়মীয়া বাৰ্তা ১৮ জুলাইঃ মহাৰাষ্ট্রৰ কাৰাগাৰত বন্দী হৈ থকা ৮০ বছৰীয়া কবি তথা মাওবাদী আদর্শৰ অনুগামী ভাৰভাৰা ৰাও ক’ভিড–১৯ মহামাৰীত আক্রান্ত হোৱা ঘটনাক কেন্দ্র কৰি দেশজুৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে৷ কবি ৰাওক মুক্তি দিয়াৰ দাবীত ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যত সংগঠিত হৈছে প্রতিবাদ৷ উগ্র মতাদর্শ আৰু বিপ্লৱী কাম–কাজৰ বাবে দেশজুৰি পৰিচিত ৰাও প্রায় দুবছৰ ধৰি কাৰাগাৰত বন্দী হৈ আছে৷ ভীমা কৰেগাঁও সংঘর্ষৰ লগতে দেশৰ কেইবাস্থানতো জাতিবিদ্বেষত উচটনি দিয়াৰ অভিযোগ অনা হৈছে ৰাওৰ বিৰুদ্ধে৷ উল্লেখনীয় যে ৰাৱে এই অভিযোগ অস্বীকাৰ কৰিছে৷ আনকি কাৰাবন্দী কবিগৰাকীৰ বিৰুদ্ধে এতিয়ালৈকে আৰক্ষীয়ে চার্জশ্বীটো দাখিল কৰিবলৈ সক্ষম হোৱা নাই৷ এনে পৰিস্থিতিত কবিগৰাকীক শীঘ্রে মুক্তি দিয়াৰ দাবী উত্থাপন কৰিছে বিভিন্ন দল–সংগঠনে৷ ক’ভিড–১৯ৰ জৰিয়তে ৰাওক মৃত্যুৰ মুখলৈ ঠেলি দিয়া বুলিও বিভিন্ন মহলে অভিযোগ কৰিছে৷ লক্ষণীয়ভাৱে স্থানীয় সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি ৰাৱে শেহতীয়াকৈ তেওঁৰ পত্নী দুই কন্যাৰ সৈতে মত বিনিময় কৰিবলৈ সক্ষম হোৱা নাই৷ আনকি পত্নী আৰু কন্যাই ৰাওক লগ কৰিবলৈ অহাৰ সময়ত কবিগৰাকীয়ে তেওঁলোকক চিনাক্ত কৰিবলৈও সক্ষম নহ’ল৷ গতিকে কবিগৰাকীৰ স্বাস্থ্যৰ চূড়ান্ত অৱনতি ঘটা বুলি ধাৰণা কৰা হৈছে৷ অৱশ্যে ৰাওক মুক্তি দিয়াৰ ক্ষেত্রত কোনো ধৰণৰ তৎপৰতা দেখুওৱা নাই চৰকাৰে৷

You might also like