২২ জুলাইৰ পৰা আন্তঃজিলা পৰিবহণত নিষেধাজ্ঞা
নিয়মীয়া বাৰ্তা, ১৯ জুলাইঃ ক’ভিড–১৯ৰ সংক্রমণ ভয়ানকভাৱে বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত অসম চৰকাৰে অহা ২২ জুলাইৰ পৰা ৰাজ্যখনত আন্তঃজিলা পৰিবহণত নিষেধাজ্ঞা আৰোপ কৰিছে৷ খানাপাৰাৰ অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এখন সংবাদ মেলত ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এই কথা প্রকাশ কৰে৷ মুখ্য সচিবগৰাকীয়ে জানিবলৈ দিয়া মতে, পৰৱর্তী নির্দেশ নিদিয়াপর্যন্ত এই নিষেধাজ্ঞা অব্যাহত থাকিব৷
অৱশ্যে চিকিৎসা আৰু শেষমুহূর্তৰ জৰুৰী অৱস্থাৰ ক্ষেত্রত যাত্রা আৰম্ভ কৰিবলগীয়া জিলা উপায়ুক্তৰ লিখিত অনুমতি সাপেক্ষেহে চলাচল কৰিব পাৰিব৷ জনসাধাৰণৰ চলাচলৰ ক্ষেত্রত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে যদিও সামগ্রী সৰবৰাহৰ ক্ষেত্রত কোনো বাধা–নিষেধ নাথাকিব৷ সংবাদ মেলখনত মুখ্য সচিবগৰাকীয়ে কয় যে যোৱা ২৮ জুনত কামৰূপ (মেট্র’) জিলাত দুসপ্তাহৰ বাবে লকডাউন ঘোষণা কৰাৰ সময়ত ৰাজ্যখনত ক’ভিড ৰোগীৰ সংখ্যা আছিল ৭,৪৯২গৰাকী৷
ইয়াৰে ১,১৯৫গৰাকী আছিল কামৰূপ (মেট্র’) জিলাৰ৷ কালিৰ দিনটোত এই সংখ্যা ২১,৮৬৪গৰাকীলৈ বৃদ্ধি পায়, য’ত কামৰূপ (মেট্র’) জিলাৰ পৰাই ওলাইছে ৯,৮৭৮গৰাকী৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে অহা ১৫ আগষ্টৰ ভিতৰত ৰাজ্যখনত ক’ভিডত আক্রান্ত লোকৰ সংখ্যা ৬৪,৩৮৯গৰাকীলৈ বৃদ্ধি হোৱাৰ আশংকা ব্যক্ত কৰিছে৷ কামৰূপ (মেট্র’) জিলাৰ এই সংখ্যা ৩২,৯৩৩লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে৷ তদুপৰি তিনিচুকীয়া, কৰিমগঞ্জ আদি জিলাতো শেহতীয়াভাৱে ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ ইয়াৰ পৰিপ্রেক্ষিতত ৰাজ্য চৰকাৰে অহা ২২ জুলাই অর্থাৎ বুধবাৰৰ পৰা আন্তঃজিলা যাতায়াতত নিষেধাজ্ঞা আৰোপ কৰে৷