নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইনী মেৰপেঁচত গ্রামোন্নয়নৰ ৩৪৪ কনিষ্ঠ অভিযন্তাৰ পদ

নিয়মীয়া বাৰ্তা, ১৯ জুলাইঃ  ৰাজ্যৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ ৩৪৪টা কনিষ্ঠ অভিযন্তাৰ নিযুক্তি প্রক্রিয়া সোমাই পৰিছে আইনী মেৰপেঁচত৷ বিভাগটোত নিযুক্তিৰ বাবে অসম লোকসেৱা আয়োগে (এ পি এছ চি) প্রকাশ কৰা বিজ্ঞাপনৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বর্তমান গ্রামোন্নয়নত ঠিকাভিত্তিকভাৱে কর্মৰত একাংশ কনিষ্ঠ অভিযন্তা৷ বিভাগীয় আলোচনা অনুমৰি অভিজ্ঞতাসম্পন্ন প্রার্থীক অগ্রাধিকাৰ নিদিয়াৰ বাবে সদৌ অসম স্বীকৃতিপ্রাপ্ত অভিযন্তা সংস্থাই উচ্চ ন্যায়ালয়ত দাখিল কৰিছে লেখ আবেদন৷ ২৮৩৯/২০২০ নম্বৰৰ লেখ আবেদনৰ প্রথম শুনানি ইতিমধ্যে সম্পন্ন হৈছে৷ অহা ২১ জুলাইত আবেদনৰ পৰৱর্তী শুনানি গ্রহণ কৰিব ন্যায়ালয়ে৷

উল্লেখ্য যে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ ৩৪৪টা কনিষ্ঠ অভিযন্তা পদত নিযুক্তিৰ বাবে যোৱা ২৬ জুনত বিজ্ঞাপন প্রকাশ কৰা হৈছিল৷ বিজ্ঞাপন প্রকাশ কৰা এই পদসমূহৰ বিপৰীতে বহুসংখ্যক অভিযন্তাই ঠিকাভিত্তিকভাৱে কাম কৰি আছে৷ প্রায় ১০ বছৰ ধৰি এই অভিযন্তাসকলে পদসমূহত ঠিকাভিত্তিকভাৱে কাম কৰি আহিছে৷ সেই অনুসৰি পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে আবেদনকাৰী সংস্থাটোৰ সৈতে এক আলোচনাত মিলিত হৈছিল৷ এই আলোচনাকালত স্থায়ী নিযুক্তিৰ ক্ষেত্রত ঠিকাভিত্তিকভাৱে কর্মৰতসকলক অগ্রাধিকাৰ দিয়াৰ আশ্বাস দিছিল৷

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে ঠিকাভিত্তিক কর্মচাৰীক নিযুক্তিৰ বাবে গ্রহণ কৰা পদক্ষেপ অনুসৰণ কৰা হ’ব বুলিও বিভাগীয়ভাৱে আশ্বাস দিয়া হৈছিল৷ কিন্তু পদসমূহৰ স্থায়ী নিযুক্তিৰ ক্ষেত্রত ঠিকাভিত্তিকভাৱে কর্মৰতসকলক অগ্রাধিকাৰ দিয়াৰ বিষয়টো সম্পূর্ণৰূপে আওকাণ কৰা হ’ল৷ ইয়াতে ক্ষুণ্ণ হৈ সংস্থাটোৱে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে৷ পৰৱর্তী শুনানিত ঠিকাভিত্তিক অভিযন্তাসকলক নিযুক্তিৰ ক্ষেত্রত কিয় অগ্রাধিকাৰ দিয়া নহ’ল, সেয়া বিভাগীয়ভাৱে অৱগত কৰিব লাগিব উচ্চ ন্যায়ালয়ক৷

You might also like