নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিহিং পাটকাইত কয়লাৰ খনন: অৱসৰপ্রাপ্ত ন্যায়াধীশ ব্রজেন্দ্র প্রসাদ কটকীক তদন্তৰ দায়িত্ব

নিয়মীয়া বাৰ্তা, ১৯ জুলাইঃ দিহিং–পাটকাই বন্যপ্রাণী অভয়াৰণ্যত কয়লা খনন সন্দর্ভত উত্থাপিত অভিযোগৰ তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷  এই কয়লা খননৰ সমগ্র বিষয় তদন্ত কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্রাপ্ত ন্যায়াধীশ ব্রজেন্দ্র প্রসাদ কটকীক দায়িত্বভাৰ অর্পণ কৰা হৈছে৷

উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ত এই সন্দর্ভত কেইবাখনো ৰাজহুৱা স্বার্থজডিত আবেদন দাখিল কৰা হৈছিল৷ এই আবেদনসমূহত দিহিং–পাটকাই বন্যপ্রাণী অভয়াৰণ্যৰ বৈধ অথবা অবৈধভাৱে হৈ থকা কয়লা খননৰ ওপৰত অভিযোগ দাখিল কৰা হৈছিল৷ ইয়াৰ পৰিপ্রেক্ষিততে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ২০০৩ চনৰ পৰা বৈধ অথবা অবৈধভাৱে হৈ থকা কয়লা খননৰ পুংখানুপংখভাৱে তদন্ত কৰিবলৈ অৱসৰপ্রাপ্ত ন্যায়াধীশগৰাকীক দায়িত্বভাৰ অর্পণ কৰে৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে বাঘজানৰ গেছকূপত হোৱা বিস্ফোৰণ আৰু অগ্ণিকাণ্ডৰ তদন্ত কৰিবৰ বাবেও ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণে অৱসৰপ্রাপ্ত ন্যায়াধীশ ব্রজেন্দ্র প্রসাদ কটকীক দায়িত্ব অর্পণ কৰিছে৷ বর্তমান অৱসৰপ্রাপ্ত ন্যায়াধীশ ব্রজেন্দ্র প্রসাদ কটকী পুলিচ একাউণ্টেবিলিটী কমিছনৰ অধ্যক্ষ হিচাপে কার্যনির্বাহ কৰি আছে৷

You might also like