ক’ভিড–১৯ত আক্রান্ত হৈ শ্রীনগৰত গহপুৰৰ পদ্মেশ্বৰ দেউৰীৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ১৯ জুলাইঃ মাৰাত্মক ক’ভিড–১৯ত আক্রান্ত হৈ শ্রীনগৰৰ অবন্তিপ’ৰাত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় চি আৰ পি এফৰ এজন অসমীয়া বিষয়াৰ৷ গহপুৰ মহকুমাৰ শান্তিপুৰ দেউৰী গাঁৱৰ প্রয়াত নোমল দেউৰী আৰু প্রয়াত গিৰিতা দেউৰীৰ পুত্র পদ্মেশ্বৰ দেউৰী চি আৰ পি এফৰ সহকাৰী উপ–পৰিদর্শক (এ এছ আই) পদত কার্যনির্বাহ কৰি আছিল৷
জানিব পৰা মতে, তেওঁ কর্তব্যৰত অৱস্থাতে তীব্র জ্বৰত আক্রান্ত হৈছিল৷ প্রথমে দেউৰীয়ে ফার্মাচীৰ পৰা ঔষধ ক্রয় কৰি সেৱন কৰিছিল যদিও পাছলৈ তেওঁক চিকিৎসাৰ বাবে বিভাগীয় চিকিৎসালয়ত ভর্তি কৰা হয়৷ চাৰি দিন ধৰি চিকিৎসাধীন হৈ থকা অৱস্থাত কালি দেউৰীৰ দেহত ক’ভিড–১৯ পজিটিভ ধৰা পৰা বুলি চিকিৎসকে ঘোষণা কৰাৰ পাছত শ্রীনগৰৰ অবন্তিপ’ৰাস্থিত চি আৰ পি এফৰ চিকিৎসালয়তে নিশা ১১.৪৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ স্মর্তব্য যে বিগত দুবছৰ তেওঁ শ্রীনগৰ অবন্তিপ’ৰাত চি আৰ পি এফৰ বিষয়া হিচাপে দায়িত্বত নিয়োজিত আছিল৷
মৃত্যুৰ সময়ত দেউৰীয়ে পত্নী পদ্মা দেউৰীসহ, দুই পুত্র সন্তান, ভাতৃক ইহসংসাৰত এৰি থৈ যায়৷ ৩১ বছৰ ধৰি চি আৰ পি এফত কর্মৰত ৫৬ বছৰীয়া দেউৰীৰ পত্নী আৰু দুই পুত্র ডিমাপুৰৰ চি আৰ পি এফৰ কোৱার্টাৰত আছে যদিও অন্তিম সময়তো তেওঁলোকে প্রিয়জনৰ মুখখন চাব নোৱাৰিলে৷ চি আৰ পি এফৰ ঊর্ধ্বতন কর্তৃপক্ষই এ এছ আই দেউৰীৰ মৃতদেহ জন্মস্থান গহপুৰলৈ প্রেৰণ কৰিব পৰা নাযাব বুলি ইতিমধ্যে পৰিয়ালক জনাইছে৷ তেওঁৰ শেষকৃত্য জম্মু–কাশ্মীৰতে চৰকাৰী মর্যাদাৰে সম্পন্ন কৰা হ’ব বুলিও পৰিয়ালৰ লোকক জানিবলৈ দিছে৷ দেউৰীৰ মৃত্যুত গহপুৰবাসীয়ে গভীৰ দুখ প্রকাশ কৰি শোকসন্তপ্ত পৰিয়ালবর্গক সমবেদনা জ্ঞাপন কৰিছে৷ বিশেষকৈ স্থানীয় বিধায়ক উৎপল বৰা, মহকুমাধিপতি নৰেন্দ্র কুমাৰ শ্বাহকে ধৰি বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানেও শোক প্রকাশ কৰিছে৷