ধেমাজি থানাৰ এছ আই পদ্মেশ্বৰ বৰকটকীক সম্বৰ্ধনা গোৰ্খা ছাত্ৰ সন্থাৰ
নিয়মীয়া বাৰ্তা, ১৯ জুলাইঃ ধেমাজি সদৰ আৰক্ষী থানাৰ উপ- পৰিদৰ্শক পদ্মেশ্বৰ বৰকটকীক কালি ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ এটি সঁজাতী দলে সম্বৰ্ধনা জ্ঞাপন কৰে। প্ৰাপ্ত বিৱৰণী অনুসৰি, কিছুদিন পূৰ্বে ধেমাজিৰ জিলা কাৰাগাৰত অধ্যক্ষ দুলাল দাসে চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত খনামুখৰ যুৱক তথা কাৰাৰূদ্ধ কয়দী টিংকু মগৰ(২২) ৰ ওপৰত চলোৱা যৌন নিৰ্যাতনৰ দৰে বিভৎস কাণ্ড সংঘটিত কৰাৰ পিছতে এজাহাৰৰ ভিত্তিত জেইলৰ দুলাল দাসৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে তদন্ত চলাই ভাৰতীয় দণ্ডবিধিৰ ৩৭৭ ধাৰা অনুযায়ী ২৮৫/২০২০ নং গোচৰ পঞ্জীয়ন কৰি ধেমাজিৰ প্ৰথম শ্ৰেণী আদালতত হাজিৰ কৰা পিছত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। তাৰেই পৰিপ্ৰেক্ষিতত অতি ক্ষীপ্ৰতাৰে এই নিৰ্লজ্জ কাণ্ডৰ সৈতে জড়িত দোষীক শাস্তি প্ৰদানৰ ক্ষেত্ৰত তদন্তকাৰী বিষয়া হিচাপে দায়িত্ব লৈ পদ্মেশ্বৰ বৰকটকীয়ে জিলাখনৰ অন্যতম দক্ষ আৰক্ষী বিষয়াৰ পৰিচয় দাঙি ধৰা মন্তব্য কৰি ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাই আৰক্ষী থানাত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে।