নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্লাজমা থেৰাপী

ডাঃ শুভ্রকিংকৰ গোস্বামী

ড০ এমিল এডল্ফ ভন বেৰিঙে ১৯০১ চনতেই ডিফথেৰিয়া ৰোগত প্লাজমা থেৰাপীৰ কাৰণে ন’বেল বটা লাভ কৰিছিল৷ ১৮৯২ চনতেই প্রথম বিজ্ঞানসন্মতভাৱে প্লাজমা থেৰাপী আৰম্ভ হয়৷ ডিফথেৰিয়া ৰোগত এই পদ্ধতিৰ সুফল লক্ষ্য কৰা হৈছিল৷ ইয়াৰ পাছত ১৯১৮ চনত ষ্পেনিছ ফ্লুতো ব্যাপকভাৱে এই পদ্ধতি ব্যৱহাৰ কৰা হয়৷ তাৰ পাছত স্কাৰলেট ফিভাৰ, ইব’লা আদি ভয়াৱহ বহুতো ৰোগত সফলতাৰে প্লাজমা থেৰাপীৰ ব্যৱহাৰ হৈ আহিছে৷ আমাৰ দেহৰ তেজত চাৰিটা ভাগ থাকে৷ লোহিত, শ্বেত ৰক্ত কণিকাৰ উপৰি প্লেটিলেট আৰু প্লাজমা বোলা এটা অংশ থাকে৷ প্লাজমাৰ ব্যৱহাৰ অতিশয় ৰক্তক্ষৰণ হৈ থকা ৰোগীৰ ক্ষেত্রত বহুলভাৱে প্রয়োগ হয়৷ এই প্লাজমাক ফ্রজোন প্লাজমা বুলি কয়৷ তেজ গোট মৰা গুণটোৰ কাৰণে ড্রমা চেণ্টাৰবোৰত এনে প্লাজমাৰ বহুল ব্যৱহাৰ হয়৷ ক’ভিড–১৯ ৰোগত ব্যৱহূত প্লাজমাক ন্তুnvalescent plasma òতুবা ক্রমে স্বাস্থ্য পুনৰুদ্ধাৰকাৰী প্লাজমা বুলি কোৱা হয়৷ এগৰাকী ক’ভিড আক্রান্ত ৰোগীয়ে সকলোখিনি ৰোগৰ লক্ষণ নিজৰ দেহত ফুটি ওলোৱাৰ সময়তেই বেমাৰৰ প্রতিৰক্ষামূলক শক্তি ৰূপে দেহত এণ্টিবডীৰ সৃষ্টি কৰে৷ সেই এণ্টিবডী দেহত তিনি মাহলৈকে থাকি যায়৷ সেই এণ্টিবডী যদি আন এগৰাকী ক’ভিড ৰোগীৰ দেহত দি দিয়া যায়, তেতিয়া সেইগৰাকী গ্রহণকাৰী ৰোগীয়ে ৰোগৰ সৈতে যুঁজিবলৈ শক্তি পায়৷ এতিয়া কথা হ’ল এই প্লাজমা দান কোনে কৰিব? যিসকল ৰোগীয়ে ক’ভিড ৰোগৰ লক্ষণ দেখুৱাই চিকিৎসা কৰি আৰোগ্য লাভ কৰিছে, তেওঁলোকেহে প্লাজমা দান কৰিব পাৰিব৷ তেওঁলোকৰ তেজত সৃষ্টি হোৱা এণ্টিবডীৰ প্রভাৱ তিনি মাহলৈকে থাকে৷ কিন্তু ইয়াৰ মাজতেই তেওঁলোক আৰোগ্য হোৱাৰ পাছত তিনিটা একাদিক্রমে কৰা টেষ্ট নিগেটিভ হ’ব লাগিব৷ এই প্লাজমা থেৰাপী ক’ভিড চিকিৎসাৰ এশ শতাংশই নিশ্চিত চিকিৎসা পদ্ধতি নহয়৷ যদি সকলো আগৰ চিকিৎসা পদ্ধতিয়ে সুফল নেদেখুৱায়, তেতিয়াহে এই পদ্ধতি ব্যৱহাৰ কৰা হয়৷ সমগ্র বিশ্বজুৰি এই থেৰাপী এতিয়াও ক্লিনিকেল ড্রায়েলতেই আছে৷ দীর্ঘম্যাদী হিচাপে ক্লিনিকেল ড্রায়েলৰ পাছতহে এই প্লাজমা থেৰাপীয়ে এটা প্রতিষ্ঠিত পদ্ধতি হিচাপে স্বীকৃতি পাব৷ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ ঙ্মঢড্রত্ত] FDA Õ±¿ð সংস্থাই এই ক্লিনিকেল ড্রায়েলৰ প্রতি সন্মতি দিছে৷ এই ক্লিনিকেল ড্রায়েলৰ কাৰণে গ্রহণকাৰী ৰোগী আৰু ৰোগীৰ সহযোগীয়ে সন্মতিসূচক পত্রত চহী কৰিব লাগে৷ সাধাৰণতে তেজ গ্রহণকাৰী ৰোগীৰ ক্ষেত্রত হোৱাৰ দৰে এনাফাইলেক্সিছ ৰিয়েকচন প্লাজমা থেৰাপীতো হ’ব পাৰে৷ আনহাতে, এই প্লাজমা দান কৰা ব্যক্তিগৰাকীৰ দেহৰ কোনো ক্ষতিয়েই নহয়৷ দেহৰ তেজত থকা প্লাজমা এটা বিশেষ পদ্ধতিৰে পৃথক কৰি আন এডাল সিৰাৰে তেজত থকা বাকী ভাগবোৰ দেহৰ ভিতৰত সুমুৱাই দিয়া হয়৷ আন তেজদান কৰা ব্যক্তিৰ দৰে প্লাজমা দান কৰা ব্যক্তিয়েও কিছু সময় পাছতেই ব্লাড বেংকৰ কক্ষ ত্যাগ কৰিব পাৰে৷ সমগ্র পৃথিৱীতেই ক’ভিড ৰোগৰ চিকিৎসাৰ ক্ষেত্রত প্লাজমা থেৰাপীয়ে আশাব্যঞ্জক সফলতা লাভ কৰিছে৷ যিহেতু এইপ্লাজমা কেৱল শেহতীয়াকৈ আৰোগ্য লাভ কৰা ক’ভিড আক্রান্ত ৰোগীয়েহে দান কৰিব পাৰে, সেয়েহে তেনে ব্যক্তিসকল স্বইচ্ছাই আগুৱাই অহাটো প্রয়োজন৷ এগৰাকী তেনে দাতাৰ পৰা মুঠেই চাৰিশ মিলিলিটাৰ প্লাজমাহে গ্রহণ কৰা হয়৷ সেই প্লাজমাৰে দুগৰাকী ব্যক্তিৰ চিকিৎসা কৰিব পাৰি৷ তেজ দানৰ ক্ষেত্রত প্রয়োগ কৰা বিভিন্ন নীতি–নিয়ম আৰু বাধ্য–বাধকতা প্লাজমা দানৰ ক্ষেত্রতো প্রয়োজন৷ ক’ভিড–১৯ ৰোগ ইমান সহজেই পৃথিৱীৰ পৰা আঁতৰি নাযায়৷ সময় যোৱাৰ লগে লগেই চিকিৎসা পদ্ধতিৰো সলনি হৈ থাকিব৷ হয়তো কিছুদিনলৈ আক্রান্তৰ সংখ্যাও বাঢ়ি থাকিব৷ এই ৰোগত আক্রান্ত হৈ আৰোগ্য হোৱাৰ পাছত সুস্বাস্থ্যৰে ঘৰলৈ ওভতা প্রতিজন লোকেই ভৱিষ্যতে একো একোজন প্লাজমা দাতা হিচাপে নিজকে প্রতিষ্ঠিত কৰিবলৈ মনক প্রস্তুত কৰি তুলিব লাগিব৷ তেওঁলোকৰ মহানুভৱতা দুগৰাকী ৰোগীৰ জীৱনদায়িনী শক্তিলৈকে পর্যবসিত হ’ব পাৰে৷

You might also like