নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানক ৰাষ্ট্রীয় সমস্যা ৰূপে স্বীকৃতিত তৎপৰ চৰকাৰ

নিয়মীয়া বাৰ্তা, ২১ জুলাইঃ বিগত কিছুবছৰ ধৰি প্রতিবছৰে বাৰিষা আহিলেই বজালীবাসীলৈ অশনি সংকেত কঢ়িয়াই অনা পহুমাৰা নৈয়ে এইবেলিও কিছুদিন পূর্বে বজালী মহকুমা সদৰ পাঠশালাৰ সমীপস্থ গহীনপাৰাত মথাউৰি ছিগি সমগ্র অঞ্চলতে বিস্তৰ ক্ষতি কৰে৷ পহুমৰা নদীয়ে ভগা গহীনপাৰাৰ এই ভগা মথাউৰি  পর্যবেক্ষণ কৰে অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, জলসম্পদ মন্ত্রী কেশৱ মহন্ত, স্থানীয় বিধায়ক পবিন্দ্র ডেকা আৰু নলবাৰীৰ বিধায়ক অশোক শর্মা সহিতে মুখ্যমন্ত্রীগৰাকীয়ে বানবিধ্বস্ত অঞ্চললৈ খোজ কাঢ়ি গৈ পৰিভ্রমণ কৰে আৰু গহীনপাৰাৰ ভগা মথাউৰিৰ লগতে ঐতিহ্যমণ্ডিত দলো গোসাঁই থানলৈ গৈ বানৰ কবলত পৰি সৃষ্টি হোৱা ভয়াৱহ পৰিৱেশ প্রত্যক্ষ কৰে আৰু থানখনত ঈশ্বৰক প্রণিপাত জনাই সেৱা আগবঢ়ায়৷

বিগত সময়ছোৱাত পহুমৰা নদীৰ ভয়াৱহ সোঁতত গহীনপাৰাৰ মঠাউৰি ভাগি সকলো উটি গৈছিল যদিও জাগ্রত থানখন অক্ষত অৱস্থাত ৰৈ যায়৷ ইয়াৰ পিছতে মুখ্যমন্ত্রীগৰাকীয়ে সমগ্র পৰিস্থিতি অধ্যয়ন কৰি বজালীৰ বান সমস্যা আৰু পহুমৰা নদী নিয়ন্ত্রণ কৰাৰ কথা উল্লেখ কৰে৷ কেনেদৰে বিজ্ঞানসন্মতভাৱে প্রতিবছৰে অনিষ্ট কৰা এই বানৰ সমাধানসূত্র উলিয়াব পাৰি তাৰ চেষ্টা অব্যাহত ৰাখিব বুলি মুখ্যমন্ত্রীগৰাকীয়ে সদৰী কৰে৷ অসমৰ বান সমস্যাক ৰাষ্ট্রীয় সমস্যা ৰূপে ঘোষণা কৰাৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰ আৰু দেশৰ প্রধানমন্ত্রীৰ পৃষ্ঠপোষকতাত এখন সমিতি গঠন কৰি এইক্ষেত্রত আলোচনা প্রক্রিয়া আগবঢ়োৱাৰ কথা অৱগত কৰে৷

অসমৰ বান আৰু খহনীয়া ৰাজ্যখনৰ সবাতোকৈ ভয়াৱহ সমস্যা বুলিও মুখ্যমন্ত্রীগৰাকীয়ে সাংবাদিকৰ আগত ব্যক্ত কৰে৷ ক’ৰোনা মহামাৰী আৰু বানক কেন্দ্র কৰি অসমবাসী ককবকাই থকা ক্ষণত ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধ কিমান দীঘল হ’ব তাক আজিয়ে কোৱা টান বুলিও মুখ্যমন্ত্রীয়ে ব্যক্ত কৰি আগন্তুক দিনত পৰিস্থিতি আৰু বেয়া হোৱাৰ সম্ভৱনা আছে বুলি চিকিৎসা বিজ্ঞানৰ উদ্ধৃতিৰে প্রকাশ কৰে৷ বজালীৰ বাঘমাৰাৰ সমীপস্থ মহাৰাণীত বিগত বর্ষত বানৰ কবলত পৰি গৃহহীন হোৱা ৮টা পৰিয়ালৰ হাহাকাৰময় অৱস্থাৰ কথা সাংবাদিকে সোঁৱৰাই দিয়াত পূর্বৰ প্রতিশ্রুতি অনুসাৰে উপযুক্ত ক্ষতিপূৰণ দিয়া হ’ব বুলি জানিবলৈ দি মুখ্যমন্ত্রীগৰাকীয়ে বিষয়টো তৎকালে সমাধান কৰিবলৈ জিলা উপায়ুক্তক নির্দেশ দিয়ে৷

একেদৰে অসমৰ বানপীডিতসকলে প্রাপ্য অনুসাৰে সকলো সাহায্য যাতে ন্যায়সংগতভাৱে লাভ কৰে তাৰ প্রতিও মুখ্যমন্ত্রীগৰাকীয়ে নজৰ ৰাখিব বুলি জানিবলৈ দিয়ে৷ বিৰোধীসকলে যি সময়ত বানাক্রান্তই একো নোপোৱা বুলি বিভিন্ন সময়ত সমালোচনা কৰি আছে তেওঁলোকক মুখ্যমন্ত্রীগৰাকীয়ে প্রত্যাহ্বান জনাই কয় যে কোনোবাই যদি সাহায্য নোপোৱাকৈ আছে, তেন্তে বিৰোধীয়ে দেখুৱাই দিয়ক আৰু সেইসকলক চৰকাৰে সাহায্য পোৱাৰ ব্যৱস্থা কৰিব৷

You might also like