উত্তৰ প্রদেশ চৰকাৰক তদন্ত কমিটী গঠনৰ নির্দেশ
উত্তৰ প্রদেশৰ গেংষ্টাৰ বিকাশ ডুবে এনকাউণ্টাৰক লৈ উচ্চতম ন্যায়ালয়
নিয়মীয়া বাৰ্তা ২১ জুলাইঃ উত্তৰ প্রদেশৰ কুখ্যাত গেংষ্টাৰ বিকাশ ডুবেৰ এনকাউণ্টাৰক লৈ তদন্ত কমিটী গঠনৰ নির্দেশ দিছে উচ্চতম ন্যায়ালয়ে৷ সর্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ববডেৰ নেতৃত্বত বিচাৰপীঠে গেংষ্টাৰ বিকাশ ডুবেৰ এনকাউণ্টাৰক লৈ আবেদনৰ শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশ আৰু ৰাজ্যখনৰ প্রাক্তন আৰক্ষী সঞ্চালকপ্রধানক লৈ তদন্ত কমিটী গঠনৰ বিবেচনা কৰিবলৈ নির্দেশ দিয়ে৷ উল্লেখ্য যে ৬০টাতকৈ অধিক অপৰাধমূলক গোচৰত জড়িত গেংষ্টাৰ বিকাশ ডুবেই কিদৰে জামিন লাভ কৰিছিল বুলি প্রশ্ণ উত্থাপন কৰি বিচাৰপীঠে হায়দৰাবাদৰ এনকাউণ্টাৰৰ লগত বিকাশ ডুবেৰ এনকাউণ্টাৰ একে নেকি বুলিও প্রশ্ণ উত্থাপন কৰে৷ উল্লেখ্য যে বিকাশ ডুবেক গ্রেপ্তাৰ কৰিবলৈ যোৱা আৰক্ষী বাহিনীৰ ওপৰত আক্রমণ চলাই শীর্ষ বিষয়াসহ আঠজন আৰক্ষীক বিকাশ ডুবেৰ চক্রটোৱে নিষ্ঠুৰভাৱে হত্যা কৰিছিল৷ ইয়াৰ পিছতেই উত্তৰ প্রদেশৰ আৰক্ষীয়ে গেংষ্টাৰ ডুবেৰ বিৰুদ্ধে তীব্র অভিযান চলাই উজ্জয়িনীৰ পৰা ডুবেক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু তাৰ পৰা উত্তৰ প্রদেশৰ কানপুৰলৈ বিশেষ অনুসন্ধান দলে লৈ আনি থকা অৱস্থাতে এনকাউণ্টাৰত ডুবেৰ মৃত্যু ঘটে৷ আৰক্ষীৰ এই এনকাউণ্টাৰক লৈ বিভিন্নজনে প্রশ্ণ উত্থাপন কৰাৰ লগতে এই লৈ অৱশেষত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল হৈছিল৷