ৰাম নেপালৰ বুলি দাবী কৰাৰ পিছত এইবাৰ শ্ৰী লংকাই কৰিলে অদ্ভূত দাবী
নিয়মীয়া বাৰ্তা ২১ জুলাইঃ ভগৱান ৰামৰ জন্মভূমি অযোধ্যত নহয় নেপালত হোৱা বুলি নেপালৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতে সকলোতে চৰ্চা হৈছে। আনকি নেপালৰ পুৰাতত্ব বিভাগে ৰামৰ জন্মভূমি বিচাৰিবলৈ ইতিমধ্যে অধ্যয়ন আৰম্ভ কৰিছে। তাৰ মাজতে শ্ৰী লংকাও ৰাৱণক লৈ এক দাবী কৰিছে।
শ্ৰী লংকাৰ অসমাৰিক নাগৰিক বিমান কৰ্তৃপক্ষই ৰাৱণে ব্যৱহাৰ কৰা পুষ্পক বিমনাৰ পথ অনুসন্ধান কৰিব। এই ঘোষণা কৰিছে শ্ৰী লংকাৰ অসমাৰিক নাগৰিক বিমান কৰ্তৃপক্ষই।
সিংহলী ভাষাত প্ৰকাশিত এক বিজ্ঞাপনত শ্ৰী লংকাৰ অসমাৰিক নাগৰিক বিমান কৰ্তৃপক্ষই সাধাৰণ ৰাইজক ৰাৱণে ব্যৱহাৰ কৰা এতিয়া লুপ্ত হোৱা বিমান পথৰ কোনো ধৰণৰ তথ্য থাকিলে কৰ্তৃপক্ষক জমা দিব লাগিব।
এজন কৰ্মচাৰীয়ে কয় যে ৰাৱণৰ বিষয়ে বহু জন- প্ৰবাদ প্ৰচলিত হৈ আছে। ৰাৱণে ব্যৱহাৰ কৰা বিমান আৰু তেওঁৰ দ্বাৰা ব্যৱহাৰ কৰা পথৰ বিষয়ে বহু জন-প্ৰবাদ আছে। বহু যুগ যুগ ধৰি এনে ধৰণৰ কথিত প্ৰবাদ প্ৰচলিত হৈ আছে। যাৰ বাবে এই পথৰ ওপৰত অধ্যয়ন কৰিব বিচাৰিছে।