নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মুৰ বাতৰিকাকতৰ বিনামূলীয়া মাস্ক বিতৰণ

সজাগতাৰ বাবে উর্দু কাকত ‘ৰোশনী’ৰ পদক্ষেপ

নিয়মীয়া বাৰ্তা ২২ জুলাইঃ ক’ভিড–১৯ৰ পৰা সুৰক্ষিত কৰাৰ লক্ষ্যৰে ৰাজ্যখনত সজাগতা বৃদ্ধিৰ পদক্ষেপ হিচাপে জম্মু–কাশ্মীৰৰ উর্দু দৈনিক বাতৰিকাকত ৰোশনীয়ে পাঠকক বিনামূলীয়া মাস্ক বিতৰণ কৰিছে৷ কাকতখনৰ প্রথম পৃষ্ঠাত এখন মাস্ক আকর্ষণীয়কৈ সন্নিৱিষ্ট কৰি গ্রাহকক প্রদান কৰা হৈছে৷ মাস্ক পৰিধান কৰাটো অতি গুৰুত্বপূর্ণ বুলি প্রথম পৃষ্ঠাত সজাগতাবাণী দি এই মাস্কখন দিয়া হৈছে৷ ৰোশনীৰ সম্পাদক জ’হুৰ শ্বৰাই এই সন্দর্ভত প্রকাশ কৰা মতে, জনতাৰ মাজলৈ ক’ৰোনা ভাইৰাছৰ সজাগতাৰ বাবে শক্তিশালী বার্তা প্রেৰণ কৰাৰ লক্ষ্যৰে মাস্ক পিন্ধাটো অতি জৰুৰী বুলি এই পদক্ষেপ গ্রহণ কৰা হৈছে৷ মাত্র ২ টকা মূল্যৰ কাকতখনত বিনামূলীয়াকৈ গ্রাহকক মাস্ক বিতৰণ কৰা বিষয়টোক লৈ কাকতখনৰ পঢ়ুৱৈৰ মাজত উৎসাহ বৃদ্ধি পাইছে৷

You might also like