ভুৱা অনুজ্ঞা–পত্রৰ বাবে পাকিস্তানৰ ৬৮ বৈমানিক নিলম্বিত
নিয়মীয়া বাৰ্তা ২২ জুলাইঃ পাকিস্তানী বৈমানিকৰ অনুজ্ঞা–পত্রৰ নিৰীক্ষণ চলাই থকা দেশখনৰ অসামৰিক পৰিবহণ বিভাগে পুনৰ ৬৮ বৈমানিকক নিলম্বন কৰিব৷ ভুৱা তথা সন্দেহজনক অনুজ্ঞা–পত্রৰ বাবে নতুনকৈ ৬৮ বৈমানিকক নিলম্বন কৰাৰ পিছত দেশখনত এনে শাস্তিৰ সন্মুখীন হোৱা বৈমানিকৰ সংখ্যা ১৬১লৈ বৃদ্ধি পালে৷ দেশখনৰ মুঠ ২৬২জন বৈমানিকৰ অনুজ্ঞা–পত্রক লৈ সূক্ষ্ম নিৰীক্ষণ তথা অনুসন্ধান চলি আছে৷ দুই–এদিনৰ ভিতৰতে পুনৰ ৭৩জন বৈমানিকৰ বিৰুদ্ধে সিদ্ধান্ত গ্রহণ কৰিব অসামৰিক বিমান পৰিবহণ কর্তৃপক্ষই৷