১৯৫৬ৰ পিছত প্রথমবাৰৰ বাবে নহয় ন’বেল ভোজ
নিয়মীয়া বাৰ্তা ২৩ জুলাইঃ মহামাৰী ন’ভেল ক’ৰোনা ভাইৰাছ তথা ক’ভিড–১৯–এ সমগ্র বিশ্বৰ বিভিন্ন কার্যসূচীত বিৰূপ প্রভাৱ পেলাইছে৷ বিশ্বৰ সর্বোচ্চ সন্মান ন’বেল বঁটাৰ ক্ষেত্রতো ক’ৰোনা সংকটৰ নেতিবাচক প্রভাৱ পৰিল৷ ন’বেল ফাউণ্ডেচনৰ অধ্যক্ষ লার্ছ হেইকেনষ্টেনে ছুইডিছ ডেইলীত প্রকাশ কৰা মতে, ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে ন’বেল বঁটা ঘোষণা কৰা হ’ব যদিও এইবেলি ন’বেল বঁটা প্রীতিভোজৰ আয়োজন কৰা নহয়৷ ১৯৫৬ চনৰ পিছত প্রথমবাৰৰ বাবে ন’বেল বঁটা প্রীতিভোজ বাতিল কৰা হৈছে৷ ইয়াৰ পূর্বে ছোভিয়েট ৰাছিয়াই হাংগেৰী দখল কৰাৰ প্রতিবাদত এই ন’বেল বঁটাৰ ভোজ বাতিল কৰা হৈছিল৷ অধ্যক্ষগৰাকীয়ে প্রকাশ কৰা মতে, প্রতিবছৰে ১০ ডিচেম্বৰত ন’বেল বঁটা ঘোষণা কৰা হয় আৰু স্বাভাৱিকভাৱে প্রায় ১৩০০ অতিথিৰ ভোজেৰে এই প্রক্রিয়া সমাপন কৰা হয়৷ কিন্তু এইবেলি ক’ৰোনা সংকটৰ বাবে দুটা সমস্যাই দেখা দিছে৷ ইয়াৰে ভিতৰত বেছিসংখ্যক লোকৰ সমাগম হোৱাটো সঠিক নহয়৷ তেনেদৰে বিশ্বৰ বিভিন্ন দেশৰ পৰা ছুইডেনলৈ অহা অতিথিৰো ভ্রমণৰ নিশ্চয়তা নাই৷ এনে ক্ষেত্রতে এইবেলিৰ ন’বেল প্রীতিভোজ বাতিল কৰা হৈছে৷ উল্লেখ্য যে বিজ্ঞান, সাহিত্য আৰু শান্তিৰ হকে অভাৱনীয় অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিক ১৯০১ চনৰে পৰা বিজ্ঞানী এলফ্রেড ন’বেলৰ স্মৃতিত বঁটা প্রদান কৰি আহিছে৷