নিয়মীয়া বাৰ্তা ২৩ জুলাইঃ মহামাৰী ক’ভিড–১৯ৰ বাবে ২০২০ বর্ষৰ অমৰনাথ যাত্রা বাতিল কৰা হৈছে৷ ভক্তৰ স্বাস্থ্যৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্রহণ কৰিছে শ্রীমৰনাথজী মঠ ব’র্ডে৷ কালি জম্মু–কাশ্মীৰৰ উপ–ৰাজ্যপাল গিৰীশ চন্দ্র মুর্মুৰ অধ্যক্ষতাত অনুষ্ঠিত ৩৯সংখ্যক শ্রীমৰনাথজী মঠ ব’ডত অমৰনাথ যাত্রা বাতিলৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ অৱশ্যে ভক্তসকলক উৎসাহিত কৰি ৰখাৰ বাবে অমৰনাথৰ ভার্চুৱেল দর্শন চলি থাকিব৷ ব’ডৰ বিবৃতিত প্রকাশ কৰা মতে, ২০২০ বর্ষৰ অমৰনাথ যাত্রা বাতিল কৰাৰ বাবে তেওঁলোকে দুখ প্রকাশ কৰিছে৷ অৱশ্যে লক্ষ লক্ষ ভক্তৰ শ্রদ্ধা আৰু সংবেদনশীলতাৰ প্রতি গুৰুত্ব আৰোপ কৰি ভার্চুৱেল দর্শন চলি থাকিব৷ প্রতিদিনে পুৱা আৰু গধূলি ব’র্ডে ধর্মীয় পৰম্পৰা অনুযায়ী অমৰনাথৰ পোনপটীয়া সম্প্রচাৰৰ লগতে ভার্চুৱেল দর্শনৰ সুবিধা প্রদান কৰিব ভক্তসকলক৷ বিগত বর্ষসমূহত চলি অহাৰ দৰে ধর্মীয় পৰম্পৰা এইবেলিও ভক্তসকলে ভার্চুৱেল দর্শনৰ যোগেৰে সুবিধা লাভ কৰিব৷