নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জ্যেষ্ঠ অধিবক্তা প্রশান্ত ভূষণলৈ জাননী উচ্চতম ন্যায়ালয়ৰ

নিয়মীয়া বাৰ্তা ২৩ জুলাইঃ ন্যায়িক ব্যৱস্থাৰ বিৰুদ্ধে টুইটাৰত বিৰূপ মন্তব্য কৰা জ্যেষ্ঠ অধিবক্তা প্রশান্ত ভূষণলৈ জাননী প্রেৰণ কৰিছে উচ্চতম ন্যায়ালয়ে৷ সর্বোচ্চ ন্যায়ালয়ে জাননী প্রেৰণ কৰি জ্যেষ্ঠ অধিবক্তা ভূষণৰ বিৰুদ্ধে কিয় তেওঁ প্রচাৰ কৰা টুইটক লৈ ব্যৱস্থা গ্রহণ কৰা উচিত নহয়, এই সন্দর্ভত উত্তৰ বিচাৰিছে ন্যায়ালয়ে৷ তদুপৰি প্রশান্ত ভূষণৰ বিৰুদ্ধে আদালত অৱমাননা প্রক্রিয়া আৰম্ভ কৰা সর্বোচ্চ ন্যায়ালয়ে টুইটাৰ ইণ্ডিয়াকো সমালোচনা কৰে৷ প্রশান্ত ভূষণৰ টুইটবোৰ কিয় টুইটাৰ ইণ্ডিয়াই আঁতৰ কৰা নাই, সেই সন্দর্ভত প্রশ্ণ উত্থাপন কৰে ন্যায়ালয়ে৷ সর্বোচ্চ ন্যায়ালয়ৰ টুইটাৰত প্রশান্ত ভূষণে ন্যায়িক ব্যৱস্থাৰ বিৰুদ্ধে কৰা অনেক টুইটৰ ভিতৰত দুটা টুইটক আধাৰ কৰি এই জাননী প্রেৰণ কৰিছে৷ এই টুইট দুটাৰ ভিতৰত বিগত ৬ বছৰত ৪গৰাকী মুখ্য ন্যায়াধীশে গণতন্ত্র হত্যাৰ ভূমিকা গ্রহণ কৰা বুলি ভূষণে মন্তব্য কৰিছিল৷ শেহতীয়াভাৱে মুখ্য ন্যায়াধীশ এছ এ ববডেই হার্লি ডেভিডছনত বহা আলোকচিত্রক লৈও বিৰূপ মন্তব্য কৰিছিল ভূষণে৷

You might also like