ঘিলামৰাত জাপানী এনকেফেলাইটিছত আক্ৰান্ত ৮ বছৰীয়া ছাত্ৰী; চাঞ্চল্য
নিয়মীয়া বাৰ্তা, ২৩ জুলাই: ঘিলামৰাত কৰোনা ভাইৰাছ সংক্ৰমণ সময়তে ঘিলামৰা ঘাহি গাঁৱৰ এগৰাকী আঠ বছৰীয়া ছোৱালী জাপানী এনকেফেলাইটিছ আক্ৰান্ত হোৱাৰ খবৰে অঞ্চলটো আতংক ময় পৰিবেশ সৃষ্টি কৰিছে ।প্ৰাপ্ত বাতৰি অনুসৰি ঘিলামাৰা আৰক্ষী থানা অন্তৰ্গত ঘিলামৰা ঘাঁহি গাঁৱৰ মনদিল ভৰালীৰ আঠ বছৰীয়া ছোৱালী লয়া ৰানী ভৰালী বুলি জানিব পৰা গৈছে ।যোৱা ১৮ জুলাই পৰা ছাত্ৰী গৰাকী তীব্ৰ জৰ আৰু মুৰ বিষ অনুভৱ কৰাত অভিভাৱকে ঘিলামৰা প্ৰাথমিক আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ প্ৰদান কৰায় যদিও অলপো স্বাস্থ্যৰ উন্নত নোহোৱাত যোৱা ২০জুলাই ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় ভত্তি কৰায়। চিকিৎসাৰ ধীন অবস্থাত ছাত্ৰী গৰাকীৰ তেজ পৰীক্ষা ফলাফলত জাপানীজ এনকেফেলাইটিছ ত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহে।বৰ্তমানে ডিব্ৰুগড় অসম চিকিৎসাৰ মহাবিদ্যালয় চিকিৎসাৰ হৈ থকা ছাত্ৰী গৰাকীৰ এই বেমাৰত আক্ৰান্ত হোৱাৰ খবৰটো বিয়পি পৰাত ঘিলামৰা ঘাহিগাঁৱৰ সচেতন যুবক সমীৰ হাজৰিকাই ঘিলামৰা সামূহিক চিকিৎসালয়ত সকলো তথ্য পাতি জমা দিয়াত স্থানীয় প্ৰশাসনে ঘাঁহি গাঁৱৰ কেন্দ্ৰীক সকলো চুক আৰু চুবুৰীত আজি নিশাই ভাম্যমান যন্ত্ৰৰ যোগেদি কীট-নাশক যুক্ত ধোঁৱা দি মহ নিয়ন্ত্ৰণ প্ৰয়াস কৰিছে।গাওঁ বাসীয়ে স্থানীয় স্বাস্থ্য বিভাগে লোৱা পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰিছে আৰু অনাগত সময়ত এই অঞ্চলত অধিক সংক্ৰমণ যাতে নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।ঘিলামৰা পৰা পাঁচ কিলোমিটাৰ দূৰৈত বৰদৈবামত বিগত সময়ত ১৮গৰাকী সৰু বৰ ব্যক্তি বিশেষ কভিড-১৯ত আক্ৰান্ত হোৱাৰ সময়তে ঘিলামৰাত প্ৰাথমিক প্ৰথমটো জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ খবৰে স্থানীয় ৰাইজক চিন্তিত কৰি তুলিছে ।